NORTHEAST NOW (Assamese)

হিজাবক লৈ প্ৰতিবাদত উত্তাল ইৰাণ; আৰক্ষীৰ গুলীত নিহত কমেও ৫০ জন

September 24, 2022 11:33 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগৃহিত।

At least 50 people killed in Iran protest আৰক্ষীৰ জিম্মাত এগৰাকী মহিলাৰ মৃত্যুক লৈ ইৰাণত প্ৰতিবাদৰ সূত্ৰপাত ঘটিছে। প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীৰ গুলীচালনাত নিহতৰ সংখ্যা ৫০ লৈ বৃদ্ধি পাইছে। আনহাতে, প্ৰতিবাদকাৰীসকলৰ ক্ষোভৰ সন্মুখীন হৈ আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ পাঁচজন সদস্য নিহত হয়।

অচলোস্থিত মানৱ অধিকাৰ সংস্থাই কৈছে যে ১৭ জন লোক নিহত হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। কিন্তু মৃতকৰ প্ৰকৃত সংখ্যা তিনিগুণ বেছি। মৃতসকলৰ ভিতৰত সুৰক্ষা বাহিনীৰ পাঁচজন সদস্য আছে।

ফটো: সংগৃহিত।

ইৰাণ চৰকাৰে দাবী কৰিছে যে চৰকাৰ বিৰোধী প্ৰতিবাদ নিয়ন্ত্ৰণৰ সময়ত আৰক্ষীৰ গুলীচালনাত এতিয়ালৈকে ১৭ জন লোক নিহত হৈছে।

কিন্তু চৰকাৰে প্ৰদান কৰা তথ্য মিছা বুলি অভিযোগ উঠিছে।

মানৱ অধিকাৰ গোটে দাবী কৰিছে যে ইৰাণৰ কমেও ৮০ খন চহৰত সাধাৰণ মানুহে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই আহিছে।

ফটো: সংগৃহিত।

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বিভিন্ন ভিডিঅ’ত ইৰাণৰ ৰাজধানী তেহৰাণৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ ছবি দেখা গৈছে। সন্ধিয়াৰ পিছত প্ৰতিবাদকাৰীসকল তেহৰাণৰ বিভিন্ন অঞ্চলত সমবেত হোৱা দেখা গৈছে। 

Related News