NORTHEAST NOW (Assamese)
অসম

হোজাইত ভয়াবহ পথ দুৰ্ঘটনা: চাৰিজনৰ মৃত্যু, গুৰুতৰভাৱে আহত পাঁচ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 13, 2022 7:33 pm
road accident

আজি আবেলি হোজাইৰ ডবকাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত চাৰিজন লোকৰ মৃত্যু হয়।

স্থানীয় লোকসকলৰ মতে, গুৱাহাটীৰ পৰা হোজাই অভিমুখী এএছ০১এডব্লিউ৪৬১৫ নম্বৰৰ অতি তীব্ৰ গতিত আহি থকা ইনোভাই কাষৰ দেৱালত খুন্দা মাৰে।

এই ভয়ংকৰ দুৰ্ঘটনাত গাড়ীৰ ভিতৰত থকা তিনিজন ব্যক্তিৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চালকজনক চিকিৎসালয়লৈ নিয়াৰ সময়তে মৃত্যু বৰণ কৰে।

আনহাতে গাড়ীৰ আন পাঁচজন যাত্ৰীৰ অৱস্থা এতিয়াও সংকটজনক বুলি জানিব পৰা গৈছে।

মৃতক ব্যক্তিকেইজনৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে দুৰ্ঘটনাৰ পিছতে এম্বুলেন্সক খবৰ দিয়া হয় যদিও এঘণ্টাৰ পাছতো এম্বুলেন্সখন আহি নোপোৱাত এখন ব্যক্তিগত বাহনত আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হয়।