NORTHEAST NOW (Assamese)
দেশ

উত্তৰ প্ৰদেশৰ আতচবাজী কাৰখানাত বিস্ফোৰণ : নিহত কমেও ৭ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 26, 2024 7:00 am

উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাৰ এটা বাজী কাৰখানাত সংঘটিত বিস্ফোৰণত কমেও ৭ জন লোক নিহত হয়। এই ঘটনাত আৰু ৭ জন লোক গুৰুতৰভাৱে আহত হয়। 

দেওবাৰে দুপৰীয়া ১২ বজাত সংঘটিত হয় এই ভয়ংকৰ বিস্ফোৰণ। ১০ খন অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত এই জুই নিৰ্বাপন কৰা হয়।

জানিব পৰা মতে, কৌশাম্বীৰ মহেভা গাঁৱত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে এক কিলোমিটাৰ দূৰত্বৰ পৰাও এই বিস্ফোৰণৰ শব্দ শুনা গৈছিল।

ঘটনাৰ পিছতে কৌশাম্বীৰ আৰক্ষী অধীক্ষক ব্ৰজেশ শ্ৰীবাস্তৱৰ লগতে আৰক্ষীৰ আন জ্যেষ্ঠ বিষয়াসকল অঞ্চলটোত উপস্থিত হয়। 

এই মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

আৰক্ষীৰ সূত্ৰ অনুসৰি কাৰখানাটোত প্ৰায় ১৮ জন লোক কৰ্মৰত আছিল। এই বিস্ফোৰণত মৃত্যু হয় কাৰখানাটোৰ মালিক ৩৫ বছৰীয়া শ্বাহিদৰ। 

জানিব পৰা মতে মৃত শ্ৰমিকসকল হৈছে জয়চান্দ, অশোক কুমাৰ, শিৱকান্ত, শিৱনাৰায়ণৰো মৃত্যু হয়। আন দুজন মৃত লোকৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

আৰক্ষীৰ সূত্ৰই লগতে জনাইছে যে এই কাৰখানাটো বৈধ আৰু এই কাৰখানাৰ বাবে স্থানীয় প্ৰশাসনৰ পৰা সকলো ধৰণৰ অনুমতি লোৱা হৈছিল।