মহাৰাষ্ট্ৰৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড; অগ্নিদগ্ধ হৈ মৃত্যু ৬ জন শ্ৰমিকৰ
ফটোঃ সংগ্ৰহীত।
বছৰৰ শেষত মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক কৰুণ দুৰ্ঘটনা। গ্ল’ভছ ফেক্টৰীত ঘটিছে ভয়ংকৰ অগ্নিকাণ্ড। শুই থকা অৱস্থাত অগ্নিদগ্ধ হৈ মৃত্যু হয় ৬ জন শ্ৰমিকৰ। আন একাধিক অগ্নিদগ্ধ হৈ আঘাতপ্ৰাপ্ত হৈ পৰিছে।
শনিবাৰে পুৱা প্ৰায় ২ বজাত ছত্ৰপতি সম্ভাজী নগৰত সংঘটিত হয় এই ঘটনা। কাৰখানাৰ ভিতৰত ১০ৰ পৰা ১২জন শ্ৰমিক শুই আছিল। হঠাতে জুই লগাৰ কথা অনুভৱ কৰিলে। সেই সময়লৈকে কাৰখানাটোৰ চাৰিওফালে জুই বিয়পি পৰে। কাৰখানাৰ ভিতৰত আবদ্ধ হৈ মৃত্যু হয় ৬ জন শ্ৰমিকৰ।
আৰক্ষীয়ে স্থানীয় লোকৰ পৰা তথ্য লাভ কৰি একাধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ সৈতে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। জুই নিৰ্বাপনৰ সমান্তৰালকৈ উদ্ধাৰৰ কামো চলে।
অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, ৬ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় একাংশ। তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়।
নিশাটো চেষ্টাৰ অন্তত দেওবাৰে পুৱাই নিয়ন্ত্ৰিত হয় অগ্নিকাণ্ড। ভিতৰত কোনোবা আবদ্ধ হৈ আছে নেকি, কেনেকৈ জুই আৰম্ভ হ’ল তাৰ তদন্ত চলি আছে।