NORTHEAST NOW (Assamese)
Popular Stories

নিশা প্ৰায় ১২ বজাত দিল্লী পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ! বিমানবন্দৰৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে চমজি ল’ব দেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2025 3:16 pm
নিশা প্ৰায় ১২ বজাত দিল্লী পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ! বিমানবন্দৰৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে চমজি ল’ব দেহ

ভাৰতীয় সময় অনুসৰি নিশা প্রায় ১২ বজাত দিল্লী পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ

এয়াৰপৰ্টৰ ভিতৰত যিহেতু শ্ৰদ্ধাঞ্জলি জনোৱাৰ নিয়ম নাথাকে, যাৰ বাবে এয়াৰপৰ্টৰ ভিতৰলৈ যাবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই অনুমতি বিচাৰিছে। দুয়োগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জনাব জুবিন গাৰ্গক।

সৎকাৰ সন্দৰ্ভত ৰণোজ পেগু, বিমল বৰাক জুবিনৰ কলা কুশলী আৰু দল সংগঠনৰ সৈতে আলোচনা কৰিবলৈ নির্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

আলোচনা প্রক্রিয়া শেষ নোহোৱালৈকে আমি একো কৰিব নোৱাৰো বুলি কয় মুখ্যমন্ত্ৰীয়ে।

পৰিয়ালৰ মতামতো খুবেই গুৰুত্বপূৰ্ণ আৰু চৰকাৰে পৰিয়ালৰ আবেগকো সমানেই গুৰুত্ব দিব লাগিব বুলিও শৰ্মাই উল্লেখ কৰে।