NORTHEAST NOW (Assamese)
দেশ

মহিলাৰ স্তনত হাত দিবলৈ চেষ্টা কৰাতো ‘যৌন নিৰ্যাতন’, কিন্তু ধৰ্ষণ নহয় : কলিকতা উচ্চ ন্যায়ালয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 26, 2025 3:45 pm

মহিলাৰ স্তনত স্পৰ্শ কৰা বা কৰিবলৈ চেষ্টা কৰাটোক ধৰ্ষণৰ চেষ্টা হিচাপে গণ্য কৰিব পৰা নাযায়। শুকুৰবাৰে কলিকতা উচ্চ ন্যায়ালয়ে পশ্চিম বংগৰ এখন বিচাৰ আদালতৰ ৰায়ৰ বিৰোধিতা কৰি এই মন্তব্য কৰে।

পশ্চিম বংগৰ এখন বিচাৰ আদালতে পক’চ আইনৰ অধীনত এজন অভিযুক্তক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিছিল। এই শাস্তিত স্থগিতাদেশ জাৰী কৰি উচ্চ ন্যায়ালয়ে এই মন্তব্য কৰে। ন্যায়ালয়ে কয় যে মহিলাৰ স্তনত হাত দিবলৈ চেষ্টা কৰাতো ‘যৌন নিৰ্যাতন’, কিন্তু ধৰ্ষণ নহয়।

উল্লেখ্য যে পূৰ্বতে বিচাৰ আদালতে অভিযুক্তজনক “গুৰুতৰ যৌন নিৰ্যাতন” আৰু “ধৰ্ষণৰ চেষ্টা” দুয়োটাতে দোষী সাব্যস্ত কৰি ১২ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

তাৰপিছতে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল অভিযুক্ত। আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অৰিজিত বেনাৰ্জী আৰু ন্যায়াধীশ বিশ্বৰূপ চৌধুৰীৰ বিভাগীয় বিচাৰপীঠেও পৰ্যবেক্ষণ কৰে যে গোচৰটোত ভুক্তভোগীৰ চিকিৎসা পৰীক্ষাত কোনো ধৰণৰ ধৰ্ষণৰ চেষ্টাৰ প্ৰমাণ পোৱা নাই।

আবেদনত উল্লেখ কৰা হৈছে যে, ভুক্তভোগীৰ মতে অভিযুক্তই মদ্যপান কৰি ভুক্তভোগীৰ স্তনত চুমা খাবলৈ চেষ্টা কৰিছিল।

ন্যায়ালয়ৰ সংমণ্ডল বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে এনে প্ৰমাণে ২০১২ চনৰ পক’চ আইনৰ ১০ নং ধাৰা অনুসিৰ গুৰুতৰ যৌন নিৰ্যাতনৰ পাৰে, কিন্তু ই ধৰ্ষণৰ চেষ্টাৰ ইংগিত নিদিয়ে।

ইয়াৰ উপৰিও পৰ্যবেক্ষণ কৰা হৈছে যে যদি চূড়ান্ত শুনানিৰ পিছত অভিযোগটো “গুৰুতৰ যৌন নিৰ্যাতন” আৰু “ধৰ্ষণৰ চেষ্টা” দুয়োটাৰে পৰা কেৱল “গুৰুতৰ যৌন নিৰ্যাতন”লৈ হ্ৰাস কৰা হয়, তেন্তে দোষীৰ কাৰাদণ্ডৰ সময়সীমাও ১২ বছৰৰ পৰা ৫-৭ বছৰলৈ হ্ৰাস কৰা হ’ব। এই বিশেষ গোচৰত ইতিমধ্যে ২৮ মাহ কাৰাগাৰৰ আঁৰত কটাবলগীয়া হৈছে দোষী।