NORTHEAST NOW (Assamese)
অসম

Attention! : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ “ৰাম ঠগন” কৌতুক অভিনেতা টিংটঙক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 15, 2021 8:06 pm

Attention স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়! আপুনি চিনি পাইনে প্ৰতিবন্ধী ‘কৌতুক অভিনেতা টিংটং ওৰফে চামচুল আলীক আজি ৰুগীয়া’ক।

এসময়ত বিভিন্ন চুটি ছবি, ধাৰাবাহিকত অভিনয় কৰি দৰ্শকক আমোদ দিয়া টিংটং চৰকাৰী তথা বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত। হিমন্ত বিশ্ব শর্মাৰ ৰামঠগন দুৰ্ভগীয়া টিংটঙক!

প্ৰশ্ন উঠিছে স্বাস্থ্যমন্ত্ৰীয়ে টিংটংক বিনামূলীয়া চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি কোৱাৰ পাছতো কিয় আভুৱা ভৰা হ’ল? স্বাস্থ্যমন্ত্ৰীৰ স্বাক্ষৰৰ মূল্য নোহোৱা হ’ল নেকি? তেওঁৰ স্বাক্ষৰক ভেঙুচালি কৰাৰ অভিযোগ উঠিছে তুলি্ছে কৌতুক অভিনেতাগৰাকীয়ে।

মন্ত্ৰী হিমন্তই কোৱাৰ পাছতো GMCHত বিনামূলীয়া চিকিৎসা কিয় প্ৰদান কৰা নহ’ল টিংটঙক?

সেয়েহে নিৰুপায় তথা দিন-দৰিদ্ৰ টিংটঙে আজি সচিবালয়ৰ সন্মুখত হাতত এখন বেনাৰ লৈ জনসাধাৰণৰ ওচৰত সহায় ভিক্ষা খোজে টিংটঙে। কিন্তু সকলো যেন নিজক লৈ ব্যস্ত। কাৰো টিংটংৰ অৱস্থাৰ ফালে মূৰ ঘুৰাই চাবলৈ সময় নাই।

কোলাত কণমানি জীয়ৰীক লৈ স্বামীৰ হুইলচেয়াৰৰ কাষত ৰৈ তেওঁৱো কাৰোবাৰ পৰা সহায়ৰ বাবে অপেক্ষাৰতঃ। তেওঁৱো আজি উপায়ন্তৰ।

‘দুখীয়া হোৱাৰ বাবেই এনেদৰে হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগে এলাগি কৰিছে নেকি টিংটংৰ পৰিয়ালক?’ এই প্ৰশ্ন উত্থাপন কৰিছে টিংটঙৰ পত্নীয়ে।

স্বাস্থ্য বিভাগৰ অভূতপূৰ্ব সাফল্যৰ বৰ্ণনা কৰা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগতে এনদৰে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে একাংশ প্ৰতিবন্ধী লোক।

ভিন্ন সময়ত ভিন্ন আশ্বাস দি অহা স্বাস্থ্যমন্ত্ৰীলৈ টিংটঙে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ বাবে মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।

স্বাস্থ্যমন্ত্ৰী মহোদয়, আপোনাৰ দায়িত্বত থকা এনে এটা বিয়াগোম বিভাগৰ টিংটঙৰ চিকিৎসা কৰিব পৰাকৈয়ো ক্ষমতা নাই নেকি? সময় থাকোতে প্ৰতিভাৱান টিংটঙৰ বাবে চিকিৎসাৰ ব্যৱস্থা কৰক, এয়া আমাৰ তৰফৰ পৰাও এক আহ্বান।