NORTHEAST NOW (Assamese)
অসম

আমলখি চাহ বাগিচাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু পল্লৱলোচন দাসৰ প্ৰতিকৃতি দাহ আটছাৰ

Posted by: বিদুৎ জ্যোতি বৰা September 6, 2018 9:58 pm
chamaguri effigi burn.photo

নগাঁও জিলাৰ আমলখি চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থাই বাগানখনৰ শ্ৰমিকসকলৰ সহযোগত আজি পুৱা প্ৰায় ৮-৩০ বজাত আমলখি -শালনা পথৰ ৰেইলগেট তিনি আলিত তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে অসমৰ মন্ত্ৰীদ্বয় চন্দ্ৰমোহন পাটোৱাৰী আৰু পল্লৱলোচন দাসৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহ শ্ৰমিকৰ সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰা, মজুৰি বৃদ্ধিৰ দাবীত ক্ষুব্ধ নেতা-কৰ্মীয়ে  প্ৰতিবাদ কৰে।

দীৰ্ঘদিন ধৰি চাহ শ্ৰমিকৰ সমস্যাসমূহ পিঠি দি  চৰকাৰে নিৰ্ব্বাচন আহিলে  ভোট বেংকৰ স্বাৰ্থতহে ব্যৱহাৰ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।

আজি প্ৰতিবাদস্থলীতে নেতা কৰ্মী আৰু সমৰ্থক সকলে চৰকাৰক শীঘ্ৰে ব্যৱস্থা ল’বলৈ আহ্বান জনোৱাৰ লগতে দাবীসমূহ পুৰণ নকৰিলে আগন্তুক দিনত  চাহ জনজাতি অধ্যুষিত এলেকাত বিজেপিৰ প্ৰবেশ নিষিদ্ধ কৰাৰ হুংকাৰ দিয়ে।