NORTHEAST NOW (Assamese)

২০২৬ৰ নিৰ্বাচনত টিকট লাগিবই অতুল বৰাক: ক’লে বয়স কেতিয়াও বাধা হ’ব নোৱাৰে

February 13, 2026 10:26 am · এন ই নাও নিউজ, গুৱাহাটী

দিছপুৰৰ বিধায়ক অতুল বৰাই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়াই নিজৰ স্থিতি স্পষ্ট কৰি দিছে। শেহতীয়াকৈ ৰুক্মিণীগাঁৱত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশ লৈ তেওঁ ঘোষণা কৰে যে আগন্তুক নিৰ্বাচনত তেওঁক দলীয় টিকট লাগিবই। তেওঁৰ মতে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত বয়স কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। এই সন্দৰ্ভত যুক্তি দৰ্শাই তেওঁ কয় যে দেশৰ প্ৰধানমন্ত্ৰীৰো বয়স হৈছে, তথাপিও তেওঁ সুকলমে দায়িত্ব পালন কৰি আছে। তেনে ক্ষেত্ৰত দিছপুৰ সমষ্টিৰ বাবে তেওঁৰ টিকট লাভত কোনো বাধা থাকিব নালাগে বুলি তেওঁ দলীয় নেতৃত্বৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰে।

একেখন সভাতে বিধায়কগৰাকীয়ে কোভিড প্ৰতিৰোধী ভেকচিনক লৈ এক বিতৰ্কিত মন্তব্য কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। অতুল বৰাৰ মতে, কোভিড মহামাৰীৰ পিছত দেশৰ বহু সৰু ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতী হৃদৰোগত আক্ৰান্ত হৈছে আৰু ইয়াৰ মূল কাৰণ হ’ল কোভিডৰ বেজী। তেওঁ দাবী কৰে যে কোভিড প্ৰতিৰোধী বেজী লোৱাৰ বাবে মানুহৰ দেহত নানা ধৰণৰ পাৰ্শ্বক্ৰিয়া হৈছে। বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰিহে তেওঁ এই মন্তব্য কৰিছে বুলিও জানিবলৈ দিয়ে।

বিধায়কগৰাকীয়ে আৰু কয় যে সমগ্ৰ দেশ যেতিয়া কোভিডক লৈ আতংকিত হৈ আছিল, তেতিয়াও তেওঁ ভেকচিন লোৱাৰ পৰা বিৰত আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক বহুবাৰ ভেকচিন ল’বলৈ অনুৰোধ জনাইছিল যদিও কেৱল পাৰ্শ্বক্ৰিয়াৰ ভয়তে তেওঁ এই বেজী নোলোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁ আনকি এনেদৰেও কয় যে যদি তেওঁ সেই সময়ত কোভিড ভেকচিন ল’লেহেঁতেন, তেন্তে হয়তো আজি তেওঁ জীয়াই নাথাকিলহেঁতেন। পূৰ্বে তেওঁ কৰা অনুমান আজি সত্য প্ৰমাণিত হৈছে বুলিও তেওঁ ৰাজহুৱা মঞ্চত দাবী কৰে।

অৱশ্যে এজন দায়িত্বশীল জনপ্ৰতিনিধি হৈ চিকিৎসা বিজ্ঞানৰ দ্বাৰা স্বীকৃত এটা বিষয়ৰ ওপৰত এনেদৰে মন্তব্য কৰাটো কিমান যুক্তিসংগত, তাক লৈ এতিয়া বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে। বৈজ্ঞানিক ভিত্তি নোহোৱাকৈ ৰাজহুৱা সভাত ভেকচিনক লৈ কৰা এনে মন্তব্যই জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে বুলি একাংশই মত পোষণ কৰিছে। ইয়াৰ মাজতে ২০২৬ৰ নিৰ্বাচনত টিকট লাভৰ বাবে তেওঁ কৰা দাবীয়ে ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে।

Related News