NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ কৃষিক্ষেত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৃষি মন্ত্ৰী অতুল বৰাৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 1, 2020 11:05 pm
ৰাজ্যৰ কৃষিক্ষেত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৃষি মন্ত্ৰী অতুল বৰাৰ

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত আজি অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ কৃষি, পশুধন আদি বিভাগৰ লগতে অৰ্থনীতি কিদৰে টনকীয়াল কৰিব পাৰি সেই সম্বন্ধে ৰোডমেপ প্ৰস্তুত কৰাৰ বাবে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

‘‘ক’ৰনাই  আমাক বহু কথা শিকালে বহু ক্ষতি কৰিলে। এতিয়া আমি কিদৰে আগবাঢ়িব লাগিব সেই সন্দৰ্ভত চিন্তা কৰা প্ৰয়োজন আছে,’’ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি অতুল বৰাই কয়।

লগতে কৃষি মন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী কিষান নিধি পৰা ৮ লাখ ১৯ হাজাৰ লোকৰ নাম কৰ্তন কৰা হৈছে আৰু কেইবা লাখৰ নাম এই আঁচনিৰ পৰা কৰ্তন কৰা হ’ব বুলি মত ব্যক্ত কৰে।

আনহাতে, বৈঠকত কৃষি,  কৃষক আৰু সহযোগী খণ্ডৰ উদ্যোগ সমূহক ঋণ দিয়াৰ বাবে সহজপন্থাৰ ব্যৱস্থা কৰিবলৈ নাবাৰ্ডক আহ্বান জনোৱা হৈছে বুলিও জনায় অতুল বৰাই।

তদুপৰি, বৈঠকত ৰাজ্যৰ  ৯৫ শতাংশ অ-সংগঠিত গো-পালক সকলক সংগঠিত কৰাৰ বাবেও চৰ্চা কৰা হয় ।

ক’ৰ’নাৰ বাবে বহিঃৰাজ্যৰ পৰা ঘূৰি অহা যুৱক সকলক সংস্থাপন দিব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয়, ’’কৃষি ক্ষেত্ৰত যথেষ্ট সুবিধা আছে। ৰাজ্যিক পৰ্যায়ত এখন কমিটি গঠন কৰিছোঁ। জিলা পৰ্যায়তো কমিটি গঠন হব।’’