NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিৰ ওৰাংজুলি চাহ বাগানত স্বামীৰ হাতত নিহত পত্নী

Posted by: ছাজিদ খান Updated by: ছাজিদ খান January 23, 2019 7:23 pm
Body deadbody Speeding vehicle knocks down three in Tinsukia

ওদালগুৰি জিলাৰ পানেৰি আৰক্ষী থানাৰ অন্তৰ্গত ওৰাংজুলি চাহ বাগানত শিহঁৰণকাৰী হত্যাকাণ্ড সংঘটিত হৈছে। ঘটনাৰ বিৱৰণি মতে, যোৱা কালি ২২ জানুৱাৰি মঙলবাৰে নিচেই পুৱাতে এগৰাকী মহিলাক তেওঁৰ স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰে।

হত্যাকাণ্ডটো সংগটিত কৰাৰ পাছত হত্যাকাৰী ডমনিক ওৰফে আতোৱা মুণ্ডাক (৫০) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি আতোৱা মুণ্ডাই তেওঁৰ পত্নী জিৰিণি ওৰফে ৰিজিনা মুণ্ডাক (৪৫) দাৰে ঘপিয়াই হত্যা কৰে। হত্যা কৰি উঠি অভিযুক্তই নিজৰ ঘৰটোত অগ্নিসংযোগ কৰে।

স্থানীয় লোক ঘটনাস্থলীলৈ দৌৰি আহি জুই নিৰ্বাপিত কৰে আৰু ঘৰৰ ভিতৰত মৃতদেহটো প্ৰত্যক্ষ কৰে। স্থানীয় লোকসকলে লগে লগে আৰক্ষীক খবৰ দিয়ে।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত মুণ্ডাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰু হত্যাকাণ্ডটোৰ সন্দৰ্ভত অধিক তথ্য উলিওৱাৰ বাবে এটা বিভাগীয় তদন্ত আৰম্ভ কৰিছে।