NORTHEAST NOW (Assamese)
অসম

শিলচৰৰ অসম বিশ্ববিদ্যালয় চৌহদত ধৰ্ণা নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই

Posted by: এন ই নাও নিউজ January 12, 2019 12:19 pm
Assam-University

১১ জানুৱাৰি শুকুৰবাৰে এক বিশেষ নিৰ্দেশনা যোগে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বিশ্ববিদ্যালয় চৌহদত ধৰ্ণা নিষিদ্ধ কৰিছে। এই নিৰ্দেশনাৰে কৰ্তৃপক্ষৰ আগতীয়া অনুমতি ব্যতিৰেকে বিশ্ববিদ্যালয়খনৰ চৌহদত যিকোনো ধৰণৰ ধৰ্ণা, সমদল তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ কৰা হৈছে।

উল্লেখ্য যে আছুৰ সমৰ্থনত যোৱা বুধবাৰে আবেলি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এটা সমদল উলিয়াই নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ছাত্ৰ-ছত্ৰীসকলে বিশ্ববিদ্যালয়খনৰ প্ৰধান প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰিছিল।

ca6c302b-b42f-448c-91a9-8c1f354f2f1c-214x300

বিশ্‌ববিদ্যালয়খনে জাৰি কৰা নিৰ্দেশনাটোত আৰু কোৱা হৈছে যে এই নিয়ম অমান্য কৰা ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আৰু সদৌ কাচাৰ-কৰিমগঞ্জ-হাইলাকান্দি ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ দত্ত ৰয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা অসমীয়া ছাত্ৰ-ছাত্ৰীসকলক অসম বিশ্ববিদ্যালয়ৰ পৰা আঁতৰি থাকিবলৈ কোৱাৰ পাছতেই এই নিৰ্দেশনা জাৰি কৰা হৈছে।

উল্লেখ্য যে জানুৱাৰিৰ ৮ তাৰিখে লোকসভাত নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত হোৱাৰ পাছত এই বিষয়টো লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈ আহিছে।