NORTHEAST NOW (Assamese)
অসম

কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 6, 2025 11:38 am
কাৰাগাৰত গুৰুতৰভাৱে অসুস্থ ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কী, দাবী পুত্ৰৰ

ম্যানমাৰৰ কাৰাবন্দী নেত্ৰী আং ছান ছ্যু কীৰ পুত্ৰ কিম এৰিছে তেওঁৰ শাৰীৰিক অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

তেওঁ কয় যে ৮০ বছৰীয়া ছু কি গুৰুতৰভাৱে অসুস্থ। তেওঁৰ হৃদযন্ত্ৰৰ অৱস্থা মাৰাত্মক ৰূপ ধাৰণ কৰিছে আৰু জৰুৰী চিকিৎসাৰ প্ৰয়োজন হৈছে।

লণ্ডনৰ পৰা ৰয়টাৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এৰিছে কয় যে, “সঠিক চিকিৎসকৰ পৰীক্ষা অবিহনে তেওঁৰ হৃদযন্ত্ৰৰ অৱস্থা জনাৰ কোনো উপায় নাই। মই অতি চিন্তিত। আনকি তেওঁ জীয়াই আছে নে নাই সেইটোও পৰীক্ষা কৰি চোৱাৰ কোনো উপায় নাই।”

কিম এৰিছে ম্যানমাৰৰ সামৰিক চৰকাৰক আহ্বান জনাইছে যে তেওঁৰ মাতৃক তাৎক্ষণিক চিকিৎসা সেৱা আগবঢ়াব লাগে, বিশেষকৈ বাহিৰৰ পৰা অভিজ্ঞ হৃদৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিব লাগে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সামৰিক অভ্যুত্থানৰ পিছত কাৰাগাৰত কটাই অহা ছ্যু কীক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত অভিযোগত মুঠ ৩৩ বছৰৰ কাৰাদণ্ড বিহা হৈছে।

মাতৃৰ জীৱনৰ সংকটৰ ওপৰত আলোকপাত কৰি কিম এৰিছে আন্তঃৰাষ্ট্ৰীয় সমাজক ক্ষিপ্ৰতাৰে হস্তক্ষেপ কৰি ছ্যু কীৰ মুক্তি নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। একে সময়তে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠনেও ছ্যু কীৰ কাৰাবাসৰ অমানৱীয় অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।