NORTHEAST NOW (Assamese)
Popular Stories

অস্বাভাৱিকভাৱে এন্দুৰৰ বংশবৃদ্ধি! ভাৰতৰ পৰা এন্দুৰ মৰা দৰৱ ক্ৰয় কৰিব এইখন দেশে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2021 9:21 pm

অষ্ট্ৰেলিয়াত এতিয়া এন্দুৰৰ উৎপাত।

এন্দুৰৰ উৎপাতত ৰ’ব নোৱাৰি দেশখনে ভাৰতৰ পৰা এবিধ নিষিদ্ধ এন্দুৰ মৰা দৰৱ আমদানি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশখনৰ পূব প্ৰান্তৰত অৱস্থিত আটাইতকৈ জনবহুল ৰাজ্য নিউ চাউথ ৱেলছৰ চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি ভাৰতৰ পৰা Bromadiolone নামৰ পয়জনবিধ ৫,০০০ লিটাৰ আমদানি কৰাৰ সিদ্ধান্ত লৈছে।

পয়জনবিধ দেশখনত নিষিদ্ধ হৈ আছে।

অৱশ্যে দেশখনৰ ফেডাৰেল ৰেগুলেটৰে ৰাজ্যখনৰ এই সিদ্ধান্তক এতিয়াও অনুমোদন জনোৱা নাই।

ৰাজ্যখনৰ কৃষিমন্ত্ৰী আদাম মাৰ্শ্বালে জনোৱামতে, বাসস্থান আৰু কৃষিভূমিত এন্দুৰৰ উৎপাতৰ ফলত কৃষকসকলে আৰ্থিক আৰু সামাজিক বিপৰ্যয়ৰ সম্মুখীন হৈছে।

তদুপৰি এন্দুৰৰ অস্বাভাৱিক বৃদ্ধিয়ে প্লে’গৰ দৰে মহামাৰীও বিয়পোৱাৰ আশংকা আছে।

ইতিমধ্যে এন্দুৰৰ পৰা বিয়পা বিভিন্ন ব্যাধিৰো খবৰ আহিছে কেইবাখনো ৰাজ্যৰ পৰা।

নিউ চাউথ ৱেলছে ইতিমধ্যে এন্দুৰৰ পৰা ক্ষতিগ্ৰস্ত হোৱা কৃষকসকললৈ ৫০ মিলিয়ন ডলাৰৰ এটা পেকেজ ঘোষণা কৰিছে।

বিশেষজ্ঞসকলে কৈছে যে যোৱা কেইবাটাও বৰ্ষত দেশখনে যথেষ্ট পৰিমাণৰ বৃষ্টিপাতৰ সন্মুখীন হৈছে।

যাৰ ফলত এন্দুৰৰ বংশবৃদ্ধিৰ বাবে উপযোগী শস্যৰে দেশখন ভৰি পৰিছে।