NORTHEAST NOW (Assamese)

নাৰী অধিকাৰ খৰ্বৰ প্ৰতিবাদ: আফগানিস্তানৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলা বাতিল অষ্ট্ৰেলিয়াৰ

January 12, 2023 3:06 pm · এন ই নাও নিউজ, গুৱাহাটী

তালিবানৰ ৰক্ষণশীল ৰাজনৈতিক নীতিৰ প্ৰভাৱে এইবাৰ স্পৰ্শ কৰিছে ক্ৰীড়াক্ষেত্ৰক। দেশৰ ক্ষমতা অধিগ্ৰহণ কৰাৰ পাছতে আফগান মহিলাসকলৰ অধিকাৰ হৰণেৰে তালিবানে নানা বাধা-নিষেধ আৰোপ কৰাৰ পাছত নাৰী অধিকাৰ খৰ্বৰ বিৰোধিতা কৰি আফগানিস্তানৰ বিৰুদ্ধে দ্বিপাক্ষিক ক্ৰিকেট শৃংখলা বাতিল কৰিছে অষ্ট্ৰেলিয়াই।

পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি সংযুক্ত আৰব আমিৰশ্বাহীত খেলিবলগীয়া আগন্তুক এদিনীয়া শৃংখলাটোত ভাগ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়াই। তালিবানে দেশখনৰ মহিলাসকলৰ অধিকাৰত অবাধ হস্তক্ষেপ কৰাৰ বাবেই অষ্ট্ৰেলিয়াই আজি এই সিদ্ধান্ত গ্ৰহণ কৰে।

আগন্তুক ভাৰত ভ্ৰমণৰ পিছতে মাৰ্চ মাহত আইচিচি ছুপাৰ লীগৰ অংশ হিচাপে তিনিখনীয়া মেচৰ শৃংখলাত আফগানিস্তানৰ বিপক্ষে অৱতীৰ্ণ হোৱাৰ কথা আছিল অষ্ট্ৰেলিয়া। কিন্তু ক্ৰিকেট অষ্ট্ৰেলিয়াই অষ্ট্ৰেলিয়া চৰকাৰকে ধৰি অন্য অংশীদাৰী কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ পিছতে শৃংখলাত ভাগ নলয় বুলি ঘোষণা কৰে।

এক বিবৃতিত ক্ৰিকেট অষ্ট্ৰেলিয়াই কয় যে শেহতীয়াকৈ তালিবানে মহিলা আৰু যুৱতীসকলৰ শিক্ষা তথা নিয়োগৰ লগতে উদ্যান আৰু জিমত প্ৰৱেশৰ অধিকাৰৰ ওপৰত অতি কঠোৰ বাধা আৰোপৰ ঘোষণা কৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে।

আফগানিস্তানকে ধৰি বিশ্বজুৰি মহিলা আৰু পুৰুষৰ বাবে ক্ৰিকেটৰ পৰিৱেশ বৃদ্ধি কৰাত সহায় কৰিবলৈ ক্ৰিকেট অষ্ট্ৰেলিয়া প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি বিবৃতিটোত লগতে দেশৰ মহিলা আৰু যুৱতীসকলৰ পৰিস্থিতিৰ উন্নত হোৱাৰ আশা কৰি আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব বুলি জনায় ক্ৰিকেট অষ্ট্ৰেলিয়াই।

 

উল্লেখ্য যে, দেশত মানৱ অধিকাৰৰ প্ৰতি চূড়ান্ত ভাবুকি কঢ়িয়াই অনা তালিবান চৰকাৰে শেহতীয়াকৈ সকলো ৰাজহুৱা আৰু ব্যক্তিগত বিশ্ববিদ্যালয়কে মহিলাসকলক অধ্যয়ন কৰাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিছিল।

ক্ষমতা দখল কৰাৰ পিছৰে পৰা তালিবানে মহিলাৰ ওপৰত বহু বাধা আৰোপ কৰিছে। দেশৰ বহু প্ৰদেশত কিশোৰীৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ নিষেধ কৰা হৈছে, মহিলাসকলক বহু চৰকাৰী চাকৰিৰ পৰা আঁতৰাই দিয়া হৈছে, পৰিয়াল তথা আত্মীয় পুৰুষ সদস্যৰ অবিহনে যাত্ৰা কৰাত বাধা দিয়া হৈছে।

লগতে মহিলাসকল ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত বোৰ্খাৰে সৰ্বশৰীৰ ঢাকি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি দেশখনত মহিলাসকলক উদ্যান বা বাগিচাত প্ৰৱেশতো নিষেধাজ্ঞা আৰোপ কৰিছে তালিবানে।

উল্লেখ্য যে, তালিবানৰ এনে নাৰী বিৰোধী নীতিৰ বিৰুদ্ধে দেশখনৰ যুৱতী-মহিলাসকলে পূৰ্বৰে পৰা প্ৰতিবাদ কৰি আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে এই প্ৰতিবাদৰ নেতৃত্ব বহন কৰা মানৱ অধিকাৰ কৰ্মীসকলক আটক কৰাৰ পিছত মহিলাসকলৰ প্ৰতিবাদৰ জোৰ কমি আহিছিল।

Related News