NORTHEAST NOW (Assamese)
Popular Stories

অষ্ট্ৰেলিয়াত বন্যপ্ৰাণী নিধনযজ্ঞ জীৱশ্ৰেষ্ঠৰ; ১০,০০০ উটক গুলীয়াই মৰাৰ প্ৰক্ৰিয়া আৰম্ভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 9, 2020 6:23 pm

অষ্ট্ৰেলিয়াই ১০ হাজাৰ উটক গুলীয়াই মৰাৰ সিদ্ধান্তৰে জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ পৰিচয় দাঙি ধৰিছে সমগ্ৰ বিশ্ববাসীৰ আগত। অত্যধিক পৰিমাণে পানী সেৱন কৰাৰ বাবেই ১০ হাজাৰ উটক এনেদৰে গুলীয়াই মৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অষ্ট্ৰেলিয়াই।

অষ্ট্ৰেলিয়াৰ দীৰ্ঘ বনাঞ্চল জুইৰ গ্ৰাসত পৰাৰ সময়তে দেশখনৰ এই সিদ্ধান্তক বিভিন্ন দেশ তথা বিভিন্নজনে যথেষ্ট সমালোচনা কৰিছে। ইতিমধ্যে এই প্ৰক্ৰিয়া বুধবাৰ অৰ্থাৎ ৮ জানুৱাৰিৰ পৰা আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অলপতে অষ্ট্ৰেলিয়াত হোৱা বিধ্বংসী অগ্নিকাণ্ডই দেশখনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় ৫৫ কোটি বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰাৰ লগতে বহুকেইজন লোক মৃত্যুৰ মুখত পৰে।

প্ৰায় ৫.৫ মিলিয়ন হেক্টৰ জোৰা এলেকা অগ্নিকাণ্ডটোৰ গ্ৰাসত পৰাৰ লগতে হাজাৰৰো ওপৰত বাসগৃহ ভস্মীভূত হয়। প্ৰায় ১ কোটিতকৈও অধিক মানুহ অগ্নিকাণ্ডৰ ফলত হোৱা বিষাক্ত ধোঁৱাৰ কবলত পৰিছে।

ইয়াৰ সমান্তৰালে ভাৱে অঞ্চলটোত পানীৰ অভাৱ হৈছে। তাৰোপৰি থকা পানীও ১০ হাজাৰ উটে বেছিকৈ খোৱাৰ যুক্তি দৰ্শাই এই উটক গুলীয়াই মৰাৰ দৰে নিষ্ঠুৰ সিদ্ধান্ত অষ্ট্ৰেলিয়া চৰকাৰে গ্ৰহণ কৰিছে।

জানিব পৰা মতে ৮ জানুৱাৰীৰে পৰা এখন হেলিকপ্টাৰে এটা পাঁচ দিনীয়া অভিযান আৰম্ভ কৰা হৈছে। আৰু এই পাঁচ দিনতে হেলিকপ্টাৰৰ পৰাই ১০ হাজাৰ উটক গুলীয়াই মাৰিব অষ্ট্ৰেলিয়া চৰকাৰে।