NORTHEAST NOW (Assamese)
অসম

চিলিত আৱিষ্কাৰ ৰহস্যজনক প্ৰকাণ্ড গাঁত, কিহৰ গাঁত এয়া, প্ৰশাসন নামিল তদন্তত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 2, 2022 7:57 pm
চিলিত আৱিষ্কাৰ ৰহস্যজনক প্ৰকাণ্ড গাঁত, কিহৰ গাঁত এয়া, প্ৰশাসন নামিল তদন্তত

এক ৰহস্যজনক প্ৰকাণ্ড গাঁতে চিলিত কৌতূহলৰ সৃষ্টি কৰিছে। এই প্ৰকাণ্ড ছিংকহোলটো কিদৰে সৃষ্টি হৈছিল তাকে লৈ এতিয়া গৱেষকসকলৰ মনতো তীব্ৰ কৌতূহৰ সৃষ্টি হৈছে।

ইয়াৰ মাজতে প্ৰশাসনে গাঁতটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

চিলিৰ উত্তৰ প্ৰান্তৰ এটা খনিৰ কাষত এই গাঁতটো উদ্ধাৰ হৈছে।

ড্ৰোন ফুটেজত কানাডাৰ লুণ্ডিন মাইনিঙৰ দ্বাৰা পৰিচালিত খনিটোৰ কাষতে থকা গাঁতটো ধৰা পৰিছে।

চিলিৰ নেচনেল চাৰ্ভিচ অৱ জিঅ’লজি এণ্ড মাইনিং, চাৰ্নাগেওমিনে ৰাজধানী ছান্টিয়াগোৰ পৰা প্ৰায় ৪১৩ মাইল (৬৬৫ কিলোমিটাৰ) উত্তৰে অৱস্থিত অঞ্চলটোলৈ বিশেষজ্ঞৰ দল প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।