NORTHEAST NOW (Assamese)

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা বাহনৰ ক্ষেত্ৰত নতুন নিয়ম জাৰি

June 8, 2022 10:42 am · এন ই নাও নিউজ, গুৱাহাটী

সাম্ভাব্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা বাহনৰ ক্ষেত্ৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে।

বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বোকাখাত উপ-বিভাগীয় দণ্ডাধীশে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰিছে।

পানবাৰী পশু কৰিডৰৰ পৰা আৰম্ভ কৰি বাগৰীৰ ওচৰৰ জিলা তথা উপ-বিভাগীয় পশ্চিম সীমালৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ গতি নিয়ন্ত্ৰণ কৰা হৈছে।

উপ-বিভাগীয় দণ্ডাধীশে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুবোৰে স্বাভাৱিকতে কাৰ্বি আংলং পাহাৰৰ ফালে আশ্ৰয়ৰ বাবে প্ৰব্ৰজন কৰে। ইয়াৰ বাবে জন্তুবোৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰে।

“বন্য জন্তুবোৰ এনেদৰে প্ৰব্ৰজন কৰোঁতে দুৰ্বৃত্তৰ দ্বাৰা চিকাৰৰ লগতে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ঘাইপথেৰে পৰিবহন কৰা যাত্ৰীসকলৰ লগতে বন্য জন্তুৰ জীৱন বিপদাশংকাত পৰিব পাৰে। সেয়ে বাহনসমূহৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু নিৰ্ধাৰিত এলেকাত প্ৰতিবন্ধকতা আৰোপ কৰাৰ বাবে পৰ্যাপ্ত ভিত্তি আছে, যাতে মানুহৰ জীৱন আৰু বন্য জন্তুবোৰ সুৰক্ষিত হয়।”- নিৰ্দেশটোত লগতে এইদৰে উল্লেখ কৰা হৈছে।

সেয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰা বাহনসমূহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অতিক্ৰম কৰাৰ সময়ত প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ গতিসীমা অতিক্ৰম কৰিব নোৱাৰে বুলি নিৰ্দেশনা দিয়া হৈছে।

লগতে নিৰ্দেশ দিয়া হৈছে যে প্ৰব্ৰজনৰ সময়ত বন্য জন্তু, চৰাই, সৰীসৃপ আদিৰ সুৰক্ষিত যাত্ৰাত যাতে বাধাৰ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কোনো বাহন ৰখাব নোৱাৰিব।

তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা বন্য জন্তু, চৰাই, সৰীসৃপ আদিৰ যাতে কোনো ক্ষতি বা আঘাতৰ সম্ভাৱনাৰ সৃষ্টি নহয়, তাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তথা ইয়াৰ চাৰিওফালে কোনো মাৰাত্মক অস্ত্ৰ কঢ়িয়াই নিয়াৰ ওপৰতো বাধা আৰোপ কৰা হৈছে।

Related News