NORTHEAST NOW (Assamese)
অসম

পেঞ্চনধাৰীৰ বাবে খৱৰ: ১ জুলাইৰ পৰা পুনৰ প্ৰযোজ্য হ’ব পেঞ্চন আঁচনিৰ এই সুবিধা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 27, 2020 5:57 pm
money-1583459779

আপুনি যদি অটল পেঞ্চন আঁচনিৰ সৈতে জড়িত তেতিয়াহ’লে আপোনাৰ বাবে আছে এটা খৱৰ।

প্ৰকৃততে, এই পেঞ্চন আঁচনিৰ এটা বিশেষ সুবিধা ১জুলাইৰ পৰা পুনৰ আৰম্ভ কৰা হ’ব। এইবিষয়ে জানি লওক সৱিশেষ।

অহা ১ জুলাইৰ পৰা এই আঁচনিত পইচা জমা কৰা লোকসকলৰ একাউন্টৰ পৰা নিজে নিজেই পইচা কটা যাব অৰ্থাৎ অ’টো ডেবিট হ’ব।

উল্লেখ্য যে কৰ’না সংকটৰ বাবে এপ্ৰিল মাহৰ পৰা অ’টো ডেবিটৰ সুবিধা বন্ধ কৰি দিয়া হৈছিল।

অহা ৩০ জুনলৈকে এই বন্ধ ৰখাৰ সময়সীমা নিৰ্দ্ধাৰণ কৰা হৈছিল। অৱশ্যে, লকডাউনৰ সময়ত বন্ধ ৰখা নিজৰ কিস্তিৰ ভুক্তি অহা ১ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত কৰিব পৰা যাব।

আনহাতে, হিতাধিকাৰীসকলে এই সময়ছোৱাৰ সুত ভৰিব নালাগে। সাধাৰণতে এনেধৰণৰ ৰেহাইৰ ক্ষেত্ৰত ১ শতাংশ সুত দিবলগীয়া হয়।

উল্লেখযোগ্য যে অটল পেঞ্চন আঁচনিত বিনিয়োগকাৰীয়ে ৬০ বছৰ বয়স সম্পূৰ্ণ কৰাৰ পাছত মাহিলি ১০০০ৰপৰা ৫০০০টকালৈকে পেঞ্চন লাভ কৰে।

২০১৫চনত মুকলি কৰা এই আঁচনিৰ এতিয়া ৫বছৰ পূৰ্ণ হ’ল। এই পেঞ্চন আঁচনিত ১৮ বছৰৰ পৰা ৪০ বছৰ পৰ্যন্ত বয়সৰ ব্যক্তিয়ে বিনিয়োগ কৰিব পাৰে।

এই আঁচনিত বয়স অনুপাতে নিজৰ অংশৰ কিস্তিৰ পৰিমান বৃদ্ধি পায় আৰু আঁচনিখনত ন্যুনতম বিনিয়োগ ৰাশিৰ পৰিমান হৈছে মাত্ৰ ৪২টকা।