NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত ‘গছ থাকিলেহে মানুহ থাকিব’ শীৰ্ষক সজাগতা সভাৰ আয়োজন

Posted by: ৰিদিপ শৰ্মা April 8, 2019 4:16 pm
কলিয়াবৰত ‘গছ থাকিলেহে মানুহ থাকিব’ শীৰ্ষক সজাগতা সভাৰ আয়োজন

উদয়াস্ত আলিবাট কলিয়াবৰ শাখা কমিটিৰ উদ্যোগত কলিয়াবৰত আজিৰ পৰা ‘গছ থাকিলেহে মানুহ থাকিব’ শ্ল’গানেৰে ৰাইজক পৰিৱেশৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

উক্ত কাৰ্যসূচীৰ আজি প্ৰথমটো দিনত আজি কলিয়াবৰৰ ধৰমপুৰ প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়ত্ৰী, বিদ্যালয় পৰিচালনা সমিতি, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ উপস্থিতিত এক বৃক্ষ ৰোপন অনুষ্ঠান অনুষ্ঠিত হয়।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ধৰমতুল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত মুকলি সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে গছ পুলি ৰোপনৰ গুৰুত্ব সম্পৰ্কে উপস্থিত ৰাইজক অৱগত কৰে।