NORTHEAST NOW (Assamese)

আদিত্যনাথৰ ডাঙৰ সিদ্ধান্ত, এতিয়াৰ পৰা অযোধ্যা বিমান বন্দৰৰ নাম হ’ব ‘মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম বিমান বন্দৰ’

November 25, 2020 10:36 am · এন ই নাও নিউজ

উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথ নেতৃত্বাধীন কেবিনেটে অযোধ্যা বিমান বন্দৰৰ নাম সলনি কৰা প্ৰস্তাৱক মঙলবাৰে মঞ্জুৰি প্ৰদান কৰে।

এতিয়াৰে পৰা অযোধ্যা বিমান বন্দৰ ‘মৰ্যাদা পুৰুষোত্তম শ্ৰীৰাম বিমান বন্দৰ’ হিচাপে পৰিচিত হ’ব।

উত্তৰ প্ৰদেশৰ উপ মুখ্য মন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য্যই টুইটযোগে এই কথা জানিবলৈ দি কয়, ‘য়ুপি চৰকাৰৰ কেবিনেটে অযোধ্যাস্থিত বিমান বন্দৰৰ নাম মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰী ৰামৰ নামত কৰিবলগীয়া প্ৰস্তৱাক মঞ্জুৰি প্ৰদান কৰিছে।

তেওঁ লগতে কয় যে আপোনালোকৰ চৰকাৰে শ্ৰী ৰামৰ জন্মভুমি অযোধ্যাক বিশ্বৰ ধাৰ্মিক স্থানসমূহৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তুলিম।

উত্তৰ প্ৰদেশৰ কেবিনেটে মঞ্জুৰি প্ৰদান কৰাৰ পিছত এতিয়া এই প্ৰস্তাৱটো অসামৰিক বিমান পৰিবহন মন্ত্ৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ২০১৮ চনৰ দীপাৱলীৰ পূৰ্বে পৰ্যটক সকলৰ সুবিধাৰ্থেই অযোধ্যাত এটা বিশ্ব মানৰ বিমান বন্দৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল উত্তৰ প্ৰদেশ চৰকাৰে।

২০২১ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত ৰামচন্দ্ৰৰ নামেৰে নামাকৰণ কৰিবলগীয়া বিমান বন্দৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব।

Related News