NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ত অযোধ্যা বিবাদৰ শুনানি সমাপ্ত, ৰায়দান স্থগিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 16, 2019 9:29 pm
Ayodhya case hearing over, SC reserves judgement

ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে সংবেদনশীল ৰাম জনমভূমি, বাবৰি মছজিদ বিবাদৰ ৪০দিন ধৰি চলি থকা শুনানিৰ সামৰণি মাৰিছে আৰু ৰায়দান স্থগিত ৰাখিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে নিৰ্ধাৰণ কৰি দিয়া অন্তিম সীমা বিয়লি ৫ বজাতকৈ এঘণ্টা আগতেই শুনানিটো সমাপ্ত হৈছে।

“যুক্তি (প্ৰদৰ্শন)ৰ সামৰণি মৰা হৈছে। ৰায়দান স্থগিত ৰখা হৈছে। ‘ম’ল্দিং অৱ ৰিলীফ’ সন্দৰ্ভত পক্ষসমূহে তিনিদিনৰ ভিতৰত লিখিত টোকা দাখিল কৰিব পাৰে,” সকলোৰে বক্তব্য শুনাৰ পিছত উচ্চতম ন্যায়ালয়ৰ বুধবাৰৰ নিৰ্দেশ।

মুখ্য ন্যায়াধীশ গগৈৰ অধ্যক্ষতাত পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে যোৱা ৪০দিনত হিন্দু আৰু মুছলমান দুয়ো পক্ষৰে যুক্তি শুনে।

মুখ্য ন্যায়াধীশ গগৈয়ে অহা ১৭ নৱেম্বৰত তেওঁৰ অৱসৰ পূৰ্বেই দীৰ্ঘদিনধৰি ভাৰতৰ ৰাজনীতিক প্ৰভাৱিত কৰি অহা গোচৰটোৰ ৰায়দান কৰিব বুলি চৰ্চা চলিছে।

সাংবিধানিক বিচাৰপীঠখন ন্যায়াধীশবৃন্দ ৰঞ্জন গগৈ, এছ এ ববদে’, ডি ৱাই চন্দ্ৰচূড়, অশোক ভূষণ আৰু এছ আব্দুল নাজিৰক লৈ গঠিত হৈছে।