NORTHEAST NOW (Assamese)
দেশ

অযোধ্যাৰ ভূমি কেলেংকাৰীৰ প্ৰতিবেদন দাখিল তদন্ত সমিতিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 1, 2022 12:15 pm
Ayodhya land deal

অযোধ্যাৰ ভূমি কেলেংকাৰী তদন্তৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰা এক সদস্যৰ তদন্ত সমিতিয়ে স্ব-প্ৰতিবেদন দাখিল কৰিছে। প্ৰতিবেদনখন অহা সপ্তাহত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ওচৰত উপস্থাপন কৰা হ’ব।

উল্লেখ্য যে ২২ ডিচেম্বৰত ইণ্ডিয়ান এক্সপ্ৰেছে ভূমি কেলেংকাৰীৰ এক অনুসন্ধানমূলক প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে তদন্তৰ নিৰ্দেশ দিছিল।

উত্তৰ প্ৰদেশৰ ৰাজহ বিভাগৰ বিশেষ সচিব ৰাধে শ্যাম মিশ্ৰক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ভূমি পঞ্জীয়ন আৰু সম্পৰ্কিত নথিপত্ৰৰ ৰেকৰ্ড পৰীক্ষা কৰিবলৈ মিশ্ৰই অযোধ্যা ভ্ৰমণ কৰিছিল।

অৱশ্যে প্ৰতিবেদন সন্দৰ্ভত মিশ্ৰই এই পৰ্যন্ত কোনো মন্তব্য কৰা নাই।

উত্তৰ প্ৰদেশৰ ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনোজ কুমাৰ সিঙে ইণ্ডিয়ান এক্সপ্ৰেছক কয় যে মিশ্ৰাই তেওঁৰ প্ৰতিবেদন দাখিল কৰিছে আৰু অহা সপ্তাহত মুখ্যমন্ত্ৰীৰ ওচৰত উপস্থাপন কৰা হ’ব।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৰায় দিয়াৰ পিছতে আৱণ্টিত ভূমিৰ কাষৰ ভূমিৰ লেনদেন সম্পৰ্কে ৰাষ্ট্ৰীয় সংবাদ সংস্থা দ্য ইণ্ডিয়ান এক্সপ্ৰেছে এক অনুসন্ধানমূলক প্ৰতিবেদন প্ৰকাশ কৰিছিল।

ৰাম মন্দিৰৰ স্থানৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত স্থানীয় বিধায়ক, অযোধ্যাত নিযুক্ত আমোলা আৰু তেওঁলোকৰ নিকট আত্মীয়, স্থানীয় ৰাজহ বিষয়াকে ধৰি ১৫ জন প্ৰভাৱশালী ব্যক্তিয়ে ভূমি ক্ৰয় কৰিছে বুলি প্ৰতিবেদনখনত প্ৰকাশিত হৈছিল।