NORTHEAST NOW (Assamese)
অসম

সুৰ সলনি! ভেকচিন ল’বলৈ আগ্ৰহী বাবা ৰামদেৱৰ ‘চিকিৎসকসকল ভগৱানৰ দূত’ বুলি মন্তব্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 11, 2021 12:22 pm
Baba ramdev

যোগ আৰু আয়ুৰ্বেদৰ ‘ডবল ড’জ’ লৈ নিজকে সুৰক্ষিত দাবী কৰি বাবা ৰামদেৱে কৈছিল যে তেওঁৰ কৰ’নাৰ ভেকচিন লোৱাৰ কোনো প্ৰয়োজন নাই।

এতিয়া নিজৰ সেই স্থিতি সলনি কৰি যোগগুৰু ৰামদেৱে জনাইছে যে শীঘ্ৰেই তেওঁ ভেকচিন ল’ব।

সেয়াই নহয়, চিকিৎসকসকলক ‘ভগৱান দূত’ বুলিও অভিহিত কৰিছে ৰামদেৱে। বিগত কিছুদিন ধৰি এল’পেথিক লৈ কটাক্ষ কৰি বিতৰ্কৰ সূত্ৰপাত কৰা ৰামদেৱৰ সুৰ সলনি হোৱা দেখা গৈছে।

বৃহস্পতিবাৰে হৰিদ্বাৰত ৰামদেৱে কয়,’’আপোনালোকে ভেকচিনৰ দুটা ড’জ লওক। সেইদৰে যোগ আৰু আয়ুৰ্বেদৰ সুৰক্ষাতো থাকক। ইয়াৰ ফলত আপোনাৰ সুৰক্ষা এনেকুৱা এক অৱস্থাত থাকিব কোনোৱে আৰু কৰ’নাত মৃত্যুবৰণ কৰিবলগীয়া নহ’ব।‘’

আনহাতে, ২১ জুনৰ পৰা দেশজুৰি বিনামূলীয়া ভেকচিন দিয়াৰ কথা ঘোষণা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদক্ষেপক ঐতিহাসিক বুলি অভিহিত কৰিছে ৰামদেৱে।

ইপিনে তেওঁ কেতিয়া ভেকচিন ল’ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰামদেৱে ‘অতি শীঘ্ৰেই’ বুলি জানিব দিয়ে।

তাৰ পাছতে এল’পেথি চিকিৎসকসকলক প্ৰশংসা কৰি ৰামদেৱে তেওঁলোক ‘পৃথিৱীলৈ ভগৱানৰ প্ৰেৰিত দূত’ বুলি কয়।

ইণ্ডিয়ানমেডিকেল এছ’চিয়েশ্যনৰ সৈতে তেওঁৰ চলি থকা সংঘাতৰ বিষয়টো সন্দৰ্ভত ৰামদেৱে কয়,’’মই কোনো সংস্থাৰ বিৰুদ্ধে নহয়। চিকিৎসকসকল সঁচাকৈয়ে দেবদূত। পৃথিৱীত ভগৱানৰ প্ৰেৰিত দূত তেওঁলোক। কিন্তু কোনো কোনো চিকিৎসকে ব্যক্তিগতভাৱে ভুল কাম কৰিবই পাৰে।‘’

তদুপৰি, যোগগুৰুগৰাকীয়ে স্বীকাৰ কৰে,’’জৰুৰীকালীন অৱস্থাত চিকিৎসা তথা শল্য চিকিৎসাত এল’পেথিয়েই শ্ৰেষ্ঠ। ইয়াক লৈ কোনো মতদ্বৈধতা থাকিব নোৱাৰে।‘’