NORTHEAST NOW (Assamese)
অসম

জনতা ভৱনত বাবা ৰামদেব; লক্ষ্য সাম্ৰাজ্য বিস্তাৰ

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী February 13, 2022 1:14 pm
index

শনিবাৰে হঠাৎ জনতা ভৱনত উপস্থিত হয় যোগগুৰু তথা পতঞ্জলিৰ প্ৰতিষ্ঠাপক বাবা ৰামদেব। অৱশ্যে সংবাদ মাধ্যমত জনোৱাৰ পৰা বিৰত আছিল বাবা ৰামদেৱ অসমত উপস্থিত হোৱাৰ কথা।

জনতা ভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰে এক বৈঠকত মিলিত হয় বাবা ৰামদেবে।

অসমত পতঞ্জলিৰ ব্যৱসায় সাম্ৰাজ্য বিস্তাৰৰ লক্ষ্য যোগগুৰুজনৰ।

সুত্ৰ অনুসৰি এইবাৰ জৈৱ বৈচিত্ৰৰে ভৰা অসমৰ খালী পথাৰত চকু বাবা ৰামদেৱৰ। উক্ত মাটিত পাম খেতি কৰিবলৈ ইচ্ছুক পতঞ্জলিৰ স্বত্বাধিকাৰী ৰামদেৱৰ।

ইয়াক লৈয়ে শনিবাৰে বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে কেইবাঘন্টা জোৰা আলোচনাত মিলিত হয় বাবা ৰামদেব।

index1
ফটো সৌজন্য: টুইটাৰ।

ইপিনে, আলোচনাৰ অন্তত ফেচবুকযোগে জনতা ভৱনত বৈঠক অনু্ষ্ঠিত হোৱা বুলি জনাই মুখ্যমন্ত্ৰীয়ে কয়, “আজি বিয়লি জনতা ভৱনত যোগগুৰু স্বামী ৰামদেৱৰ সৈতে এক সাক্ষাতত মিলিত হৈ আনন্দ অনুভৱ কৰিছোঁ।”

“সাক্ষাৎ কালত ৰাজ্যৰ বিভিন্ন আৰ্থ-সামাজিক বিকাশৰ সৈতেও জড়িত পতঞ্জলিৰ বিভিন্ন কাৰ্য পন্থা, যেনে- খেজুৰ খেতি, ভাৰতীয় শিক্ষা বোৰ্ড, পতঞ্জলি সুস্থতা আৰু আয়ুৰ্বেদিক মহাবিদ্যালয় আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়,”-এইদৰে জনাই মুখ্যমন্ত্ৰীয়ে কয়।

লগতে পঢ়ক: বিজেপি-আৰএছএছে অসমীয়া ভাষা-সংস্কৃতি, অসমীয়া জাতিৰ বুৰঞ্জী-ঐতিহ্য পাহৰাই দিব বিচাৰিছে: অখিল গগৈ

কার্যপন্থাসমূহত ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াব বুলিও ৰামদেবক মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে।

বাবা ৰামদেবৰ সৈতে আচাৰ্য বালকৃষ্ণ, কবীন্দ্ৰ সিং, ড° বেদ প্ৰিয়া, পঞ্জক শ্বাহ, সাধ্বী স্বৰূপ আৰু স্বামী প্ৰবীৰ দেৱো উপস্থিত থাকে।