NORTHEAST NOW (Assamese)
Popular Stories

UAE-ত হ’বলগীয়া আই পি এল ২০২০ত চকু দিছে বাবা ৰামদেৱৰ পতঞ্জলিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 4:19 pm

ক’ৰ’না ভাইৰাছৰ বাবে স্থগিত হৈ থকা আই পি এল এতিয়া ১৯ ছেপ্তেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে য়ুনাইটেড আৰৱ এমিৰেটছ চমুকৈ য়ুএইত অনুষ্ঠিত হ’ব।

ভাৰত-চীনৰ সংঘাতৰ বাবে এইবাৰৰ আই পি এলৰ টাইটেল স্পনছৰাৰ পৰা ভিভোক আঁতৰোৱা হৈছে আৰু এতিয়া বি চি চি আইয়ে নতুন স্পনছাৰৰ অনুসন্ধান আৰম্ভ কৰিছে।

বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে আই পি এল ২০২০ৰ মূল স্পনছাৰৰ বাবে কোকা কোলা, এমাজন, আন একাডেমি আদি কোম্পানি মূল দৌৰত আছে।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি ভাৰতৰ সৰ্ববৃহৎ আয়ুৰ্বেদিক কোম্পানি পতঞ্জলিয়েও মূল স্পনছাৰৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে আৰু ইয়াৰ বাবে কোম্পানিয়ে বিডতো অংশ ল’ব।

উল্লেখ্য যে ভিভোক আঁতৰোৱাৰ পিছৰে পৰা এইবাৰৰ আই পি এলৰ মূল স্পনছাৰশ্বিপ কোনো স্বদেশী ব্ৰেণ্ডক প্ৰদান কৰাৰ পক্ষত আছে বি চি চি আই।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি পতঞ্জলি কোম্পানিয়ে ইতিমধ্যে আই পি এল ২০২০ৰ স্পনছাৰশ্বিপ লাভৰ বাবে মানসিকভাৱে প্ৰস্তত হৈ আছে।