NORTHEAST NOW (Assamese)
দেশ

ইউটিউব চাই বন্দুক চলাবলৈ শিকিছিল বাবা ছিদ্দিকিৰ হত্যাকাৰীয়ে! আৰক্ষীৰ তদন্তত নতুন নতুন তথ্য

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 16, 2024 11:53 am

মহাৰাষ্ট্ৰত এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ তদন্তত নতুন তথ্য লাভ কৰিছে আৰক্ষীয়ে। এতিয়া জনা গৈছে যে অভিযুক্ত গুৰমেল সিং আৰু ধৰমৰাজ কাশ্যপে ইউটিউবত ভিডিঅ’ চাই বন্দুক চলাবলৈ শিকিছিল।

কিন্তু তেওঁলোকে ক’ত শ্বুটিং অনুশীলন কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে আৰক্ষীয়ে সেই ঠাইখনৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাইছে।

এই পৰ্যন্ত মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই এই গোচৰত ১৫ জনতকৈ অধিক লোকৰ বক্তব্য লিপিবদ্ধ কৰিছে।

লগতে গ্ৰেপ্তাৰ হৈছে এজন নতুন ব্যক্তি। এই গোচৰত এয়া চতুৰ্থটো গ্ৰেপ্তাৰ।

শনিবাৰে নিশা দলৰ কার্যালয়ৰ সন্মুখত দশহৰা উদযাপনৰ সময়ত প্রাক্তন বিধায়ক বাবা ছিদ্দিকীক হত্যা কৰা হয়৷ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁ অতি জনপ্ৰিয় নেতা। এনে এজন ব্যক্তিৰ হত্যাক লৈ সৃষ্টি হৈছে হুলস্থুলৰ। এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে কুখ্যাত লৰেন্স বিষ্ণই চক্ৰই।

তদন্তৰ প্ৰতিটো স্তৰতে নতুন নতুন আশ্চৰ্যজনক তথ্য আৰক্ষীৰ হাতলৈ আহি আছে। সূত্ৰ অনুসৰি, আক্ৰমণৰ পূৰ্বে অভিযুক্তই সেই ঠাইত ৰেইকি কৰিছিল। দুবছৰ পূৰ্বে পঞ্জাৱত গ্ৰেপ্তাৰ হোৱা মহম্মদ জীশান আখতাৰে পাটিয়ালা জেলতেই বিষ্ণই গেঙৰ সদস্যৰ সৈতে মত বিনিময় কৰিছিল। জেলৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ মুম্বাইলৈ আহি এই কামবোৰত হাত উজান দিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আখতাৰ।