NORTHEAST NOW (Assamese)
Popular Stories

কেৰালাত এমহীয়া শিশুক অপহৰণ কৰি গ্ৰেপ্তাৰ হ’ল ট্ৰেন্সজেণ্ডাৰসহ অসমৰ দুজন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2025 2:46 pm

শুকুৰবাৰে, ১৪ ফেব্ৰুৱাৰীৰ গভীৰ নিশা আলুভা আৰক্ষীয়ে এমহীয়া কেঁচুৱা অপহৰণ কৰাৰ অভিযোগত এহাল প্ৰব্ৰজিত দম্পতীক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা ৰিংকি (২০) ট্ৰেন্সপাৰ্ছন আৰু বন্ধু ৰছিদুল হক (২৯) দুয়োজনেই অসমৰ।তেঁওলোকে বিহাৰৰ পৰা অহা আন এগৰাকী প্ৰব্ৰজিত মহিলাৰ পৰা কেঁচুৱা লৰাটোক অপহৰণ কৰা বুলি অভিযোগ উঠিছে।

শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত তেওঁৰ কেঁচুৱাটো অপহৰণ কৰাৰ অভিযোগত মুক্তিপণ হিচাপে ৭০ হাজাৰ টকা বিচৰা হৈছিল বুলি আৰক্ষীয়ে অভিযোগ লাভ কৰে। ষ্টেচনৰ ক্ৰাইম গেলেৰীত ট্ৰেন্সপাৰছনৰ ফটোৰ পৰা অভিযুক্তক চিনাক্ত কৰে আবেদনকাৰীয়ে।

কেইবাটাও চিচিটিভি ভিজুৱেল পৰীক্ষা কৰা হয়। ৰেলৱে ষ্টেচন, বাছ ষ্টেণ্ড, কোচি বিমানবন্দৰৰ ওচৰৰ অঞ্চল, জিলা সীমান্ত, অভিযুক্তৰ সম্ভাৱ্য আত্মগোপন স্থান আদিও পৰীক্ষা কৰা হয়।

অৱশেষত আৰক্ষীয়ে আটক কৰে অভিযুক্তৰ বাহনখন। আৰক্ষীৰ মতে, অভিযুক্তই কেঁচুৱাটোক অসমলৈ নিয়াৰ পৰিকল্পনা কৰিছিল। পাছত তেওঁলোকক আদালতত হাজিৰ কৰোৱা হয় আৰু ৰিমাণ্ডত প্ৰেৰণ কৰা হয়।