NORTHEAST NOW (Assamese)
Popular Stories

পলিঅ’ৰ বিপৰীতে দুটোপাল চেনিটাইজাৰ খুৱালে ১০ মহীয়া শিশুক

Posted by: তন্ময় চক্ৰৱৰ্তি Updated by: তন্ময় চক্ৰৱৰ্তি August 12, 2020 2:52 pm

ত্ৰিপুৰাত এটি দহমহীয়া শিশুক মুখেৰে খুওৱা দুটোপালকৈ পলিঅ’ ছিটাৰ বিপৰীতে চেনিটাইজাৰ খুওৱাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এই ঘটনাৰ পিছতে ভুক্তভোগী শিশুটিৰ মাতৃয়ে স্বাস্থ্য কৰ্মীগৰাকীৰ বিৰুদ্ধে কুমাৰঘাট আৰক্ষী থানাত এফ আই আৰ দিয়ে।

এই ঘটনাটো মঙলবাৰে ত্ৰিপুৰাৰ উনকটি জিলাৰ সোণাইমুৰি গাঁৱত সংঘটিত হৈছে।

ঘটনা সম্পৰ্কে কুমাৰঘাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্ৰদ্যুত দত্তাই কয় যে সোণাইমুৰি গাঁৱৰ প্ৰীতি দাস নামৰ মহিলাগৰাকীয়ে মঙলবাৰে দুপৰীয়া নিজৰ দহমহীয়া শিশুটিক লৈ সোণাইমুৰিস্থিত উপ স্বাস্থ্য কেন্দ্ৰলৈ পলিঅ’ খুৱাবলৈ লৈ গৈছিল।

স্বাস্থ্য কেন্দ্ৰটিত থকা পুস্পা দাস নামৰ আশা কৰ্মীগৰাকীয়ে দহ মহীয়া শিশুটিক পলিঅ’ৰ পৰিৱৰ্তে চেনিটাইজাৰ খুৱাই দিয়ে।

কিছু সময়ৰ পিছতেই শিশুটিয়ে কান্দিব ধৰে আৰু জ্বৰ উঠে। শিশুটিৰ এনে অস্বাভাৱিকতা দেখি সকলোৱে চিন্তিত হৈ পৰে আৰু চিকিৎসকৰ ওচৰলৈ লৈ যায়।

পিছত চিকিৎসকে ঘটনাৰ সবিশেষ পৰিয়ালৰ লোকক জনোৱাত শিশুটিৰ মাতৃয়ে আশা কৰ্মীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

জানিব পৰা মতে এতিয়া আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই আছে।