NORTHEAST NOW (Assamese)
দেশ

দিল্লীত চাঞ্চল্যকৰ হত্যাকাণ্ড: পুনৰ্বাসন কেন্দ্ৰৰ পৰা উভতি অহাৰ পিছতে পৰিয়ালৰ সদস্যক বৰ্বৰভাৱে হত্যাকাণ্ডৰ ড্ৰাগছ আসক্ত যুৱকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 23, 2022 10:29 am
Drug addict kills his entire family

আন এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে দেশৰ ৰাজধানী চহৰ দিল্লী। শ্ৰদ্ধা হত্যাকাণ্ডই দিল্লীৰ পৰিৱেশ উত্তাল কৰি ৰখাৰ সময়তে এইবাৰ এক ড্ৰাগছ আসক্ত যুৱকে নিজৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্যক বৰ্বৰোচিত আক্ৰমণ চলাই হত্যা কৰা ঘটনাই স্তম্ভিত কৰি তুলিছে সকলোকে।

পুনৰ্বাসন কেন্দ্ৰৰ পৰা উভতি অহাৰ কিছুদিন পিছতে কেশৱ নামৰ এগৰাকী ২৫ বৰ্ষীয় ড্ৰাগছ আসক্ত যুৱকে নিজৰ পিতৃ-মাতৃ, ভগ্নী আৰু আইতাকক হত্যা কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দিল্লীৰ পালাম অঞ্চলত থকা যুৱকগৰাকীৰ ঘৰত পৰিয়ালটোৰ সদস্য সকলৰ তেজেৰে তুমুৰলি মৃতদেহ উদ্ধাৰৰ পিছতে হত্যাকাৰী কেশৱক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 

এই ভয়াৱহ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে হত্যাৰ অভিযুক্ত কেশৱে চোকা বস্তু ব্যৱহাৰ কৰি পৰিয়ালৰ সদস্যসকলৰ ডিঙি কাটি দিয়াৰ লগতে উপৰ্যুপৰি ছুৰীৰে তেওঁলোকৰ শৰীৰত আঘাত কৰিছিল।

হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত কেশৱ নিচাগ্ৰস্ত অৱস্থাত আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। জানিব পৰা মতে যুৱকগৰাকী দীপাৱলীৰ সময়ৰ পৰাই নিবনুৱা হৈ পৰিছিল আৰু আৰু ইয়াৰ পিছতে নিচাসক্ত হৈ পৰিছিল।

হত্যাৰ বলি হোৱা লোকসকলক ক্ৰমে অভিযুক্ত কেশৱৰ আইতাক দীৱানা দেৱী (৭৫), পিতৃ দীনেশ (৫০), মাতৃ দৰ্শনা আৰু ভগ্নী উৰ্বশী (১৮) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে সদৰী কৰা মতে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত দীপকে পলায়নৰ পৰিকল্পনা কৰাৰ সময়তে চুবুৰীয়া লোকসকলে কৰায়ত্ব কৰে আৰু আৰক্ষীক খবৰ দিয়ে।

খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কেশৱক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কেশৱৰ পিতৃ-মাতৃৰ মৃতদেহ বাথৰুমত উদ্ধাৰ কৰাৰ বিপৰীতে ভনীয়েক আৰু আইতাকৰ মৃতদেহ পৃথক পৃথক কোঠাত উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।