NORTHEAST NOW (Assamese)

বাঘজানৰ তৈলখাদৰ গেছ নিৰ্গমণ : কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক ব্যৱস্থা ল’বলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

June 2, 2020 6:27 pm · এন ই নাও নিউজ

তিনিচুকীয়া জিলাৰ বাঘজানৰ অইল ইণ্ডিয়া লিমিটেডৰ খাদৰ পৰা প্ৰাকৃতিক গেছ নিৰ্গমণ বন্ধ কৰাৰ দিশত ক্ষিপ্ৰ ব্যৱস্থা লোৱাৰ বাবে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুৰোধ জনাইছে।

আজি এক টেলিফোনযোগে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে এই দিশত বিদেশৰ বিশেষজ্ঞক নিয়োজিত কৰাৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।

উল্লেখ্য যে যোৱা ২৭ তাৰিখৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ এই খাদটোৰ পৰা প্ৰাকৃতিক গেছ নিৰ্গমণ হৈ আছে।

এই দিশত অইল ইণ্ডিয়া লিমিটেডে পদক্ষেপ লৈছে যদিও এতিয়ালৈকে অবিৰত হাৰত গেছ নিৰ্গমণ হৈ আছে।

ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী সোণোৱালে আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানক ইয়াৰ সবিশেষ বৰ্ণনা কৰাৰ উপৰি এই দিশত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে।

মুখ্যমন্ত্ৰীয়ে লগতে এই নিৰ্গমণ বন্ধ কৰাৰ দিশত বিদেশৰ বিশেষজ্ঞক মোতায়েন কৰাৰ বাবেও অনুৰোধ জনাইছে।

মুখ্যমন্ত্ৰীয়ে এই তৈল খাদৰ দাঁতিকাষৰীয়া ক্ষতিগ্ৰস্ত জনসাধাৰণক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ পদক্ষেপ ল’বলৈও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।

মুখ্যমন্ত্ৰীৰ অনুৰোধৰ প্ৰতি ইতিবাচক সঁহাৰি জনাই কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে এই নিৰ্গমণ বন্ধ কৰাৰ বাবে ছিংগাপুৰৰ বিশেষজ্ঞক অনাৰ পদক্ষেপ লোৱা হৈছে বুলি কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইতিমধ্যে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিবক তৈল খাদস্থলিত উপস্থিত হৈ চৰজমিন বুজ লোৱাৰ উপৰি এই দিশত ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দিয়া হৈছে।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ নিৰ্দেশত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিব গৰাকীয়ে বাঘজানৰ পৰিস্থিতিৰ চৰজমিন বুজ লোৱাৰ বাবে ইতিমধ্যে উপস্থিত হৈছে।

তদুপৰি, ছিংগাপুৰৰ বিশেষজ্ঞইও কাইলৈ বাঘজানত উপস্থিত হৈ গেছ নিৰ্গমণ বন্ধ কৰা অভিযানত নামি পৰিব।

Related News