NORTHEAST NOW (Assamese)
দেশ

আকৌ কাৰাগাৰ! লালু প্ৰসাদ যাদৱৰ জামিনৰ বিৰোধিতাৰে আদালতৰ কাষ চাপিল চিবিআই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 18, 2023 6:23 pm
Lalu Yadav

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডি মুৰব্বী লালু প্ৰসাদ যাদৱৰ বাবে আন এক শংকাৰ সৃষ্টি কৰিছে কেন্দ্ৰীয় তদন্ত সংস্থা চিবিআই- এ। পশুখাদ্য কেলেংকাৰীৰ গোচৰত জামিনপ্ৰাপ্ত লালু যাদৱৰ জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে চিবিআই।

অহা ২৫ আগষ্টত কেন্দ্ৰীয় তদন্ত সংস্থাটোৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে। লালু প্ৰসাদ যাদৱক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে চাৰিটা গোচৰত জামিন প্ৰদান কৰিছিল আৰু চিবিআইয়ে এতিয়া উচ্চ ন্যায়ালয়ৰ এই সকলো নিৰ্দেশকে প্ৰত্যাহ্বান জনাইছে।

উল্লেখ্য যে, লালু প্ৰসাদ যাদৱৰ মুখ্যমন্ত্ৰীত্বকালত ৯৫০ কোটি টকাৰ পশুখাদ্য কেলেংকাৰীত অবিভক্ত বিহাৰৰ একাধিক চৰকাৰী কোষাগাৰৰ পৰা পশু খাদ্যৰ বাবে নিৰ্ধাৰিত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

চৈবাছাৰ উপ আয়ুক্ত অমিত খাৰে ১৯৯৬ চনত এই ধন আত্মসাৎৰ অভিযোগ পোহৰলৈ আনিছিল। এই গোচৰত লালু প্ৰসাদ যাদৱক চিবিআইৰ বিশেষ আদালতে পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছিল।

অৱশ্যে বিগত বৰ্ষৰ এপ্ৰিলত এই গোচৰত লালু প্ৰসাদ যাদৱক জামিন প্ৰদান কৰিছিল ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে। এতিয়া চিবিআইৰ আবেদনৰ পিছত এই গোচৰত পুনৰ ন্যায়ালয়ৰ কাঠগড়াত থিয় হ’ব লাগিব বয়োজ্যেষ্ঠ ৰাজনীতিবিদগৰাকী।

লক্ষণীয়ভাৱে শেহতীয়াকৈ চিবিআইয়ে লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে আন এক কেলেংকাৰীৰ গোচৰত অভিযোগনামা দাখিল কৰিছিল। লালুৰ লগতে তেওঁৰ পত্নী ৰাবৰি দেৱী আৰু পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰা হৈছিল।

চাকৰিৰ বিনিময়ত ভূমিৰ উৎকোচ গ্ৰহণৰ অভিযোগত চিবিআই- এ এই অভিযোগনামা দাখিল কৰিছিল। এই অভিযোগ মতে, লালু যাদৱৰ ৰে’ল মন্ত্ৰীত্বকালত ভূ-সম্পত্তিৰ বিনিময়ত ৰে’লৱেত নিযুক্তি দিয়াত জড়িত আছিল লালু প্ৰসাদ যাদৱৰ পৰিয়াল।