NORTHEAST NOW (Assamese)
Popular Stories

জাভেদ আখটাৰৰ প্ৰতি অসন্মাজনক বক্তব্য : কংগনা ৰানাৱটলৈ চমন জাৰি মুম্বাইৰ কোৰ্টৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 1, 2021 3:41 pm

মুম্বাইৰ আন্ধেৰী মেট্ৰ’পলিটান মেজিষ্ট্ৰেট’ছ কোৰ্টে সোমবাৰে অভিনেত্ৰী কংগনা ৰানাৱটলৈ এটা জামিনযোগ্য চমন জাৰি কৰিছে।

প্ৰসিদ্ধ গীতিকাৰ জাভেদ আখটাৰে দাখিল কৰা এখন মানহানিৰ গোচৰৰ এজাহাৰৰ ভিত্তিত অভিনেত্ৰীগৰাকীলৈ এই চমন জাৰি কৰা হৈছে।

চমনখনৰ ভিত্তিত কংগনাই ১ মাৰ্চৰ ভিতৰত কোৰ্টত হাজিৰ হ’ব লাগিব।

উল্লেখযোগ্য ২০২০ চনৰ নৱেম্বৰ মাহত জাভেদ আখটাৰে কংগনা ৰানাৱটৰ বিৰুদ্ধে ভুৱা আৰু ভিত্তিহীন বক্তব্যৰ অভিযোগত এই এজাহাৰখন দাখিল কৰিছিল।

এজাহাৰখনত জাভেদ আখটাৰে দাবী কৰিছিল যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সম্পৰ্কীয় এটা ইণ্টাৰভিউত কংগনাই গীতিকাৰজনৰ নাম আপত্তি আৰু অসন্মা্নজনকভাৱে উল্লেখ কৰিছিল।