NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ নাৰেংগীত পাঠানৰ পোষ্টাৰ জ্বলালে বজৰং দলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 21, 2023 12:48 pm

শ্বাহৰুখ খান অভিনীত পাঠানৰ বিৰুদ্ধে বিৰুদ্ধে দেশজুৰি হোৱা প্ৰতিবাদৰ মাজতে মহানগৰীৰ নাৰেংগীত ছবিখনৰ পোষ্টাৰ জ্বলালে বজৰং দলৰ কৰ্মীয়ে।

অসমত দেশৰ আন প্ৰান্তৰ দৰে প্ৰতিবাদ তীব্ৰ নাছিল যদিও শুকুৰবাৰে সন্ধিয়া বজৰং দলৰ কৰ্মীসকলে অহা সপ্তাহত মুক্তি পাব লগীয়া ছবিখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ নাৰেংগীৰ এলজি টাৱাৰত গোল্ড চিনেমাত তাণ্ডৱ সৃষ্টি কৰে।

লগতে পঢ়ক: অন্ধবিশ্বাস! সন্তান লাভৰ আশাত মানুহৰ হাড়ৰ গুৰি খুৱাই দিয়াৰ অভিযোগ মহিলাৰ

কৰ্মীসকলে ছবিখনৰ পোষ্টাৰখন ছিঙি পেলাইছিল আৰু তাৰ পিছত ইয়াত জুই লগাই দিছিল। ইয়াৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে। প্ৰতিবাদকাৰীসকলে পোষ্টাৰ জ্বলাই দিয়াৰ সময়ত জয় শ্ৰীৰাম শ্ল’গান দিয়া শুনা যায়।

তেওঁলোকৰ কিছুমানে আনকি চিনেমা হলৰ চৌহদত প্ৰৱেশ কৰিছিল আৰু আন কিছুমান পোষ্টাৰো ছিঙি পেলাইছিল।

একাংশ স্থানীয় লোকে কয় যে অঞ্চলটো এটা ব্যস্ত জনবসতিপূৰ্ণ অঞ্চল আৰু আৰক্ষীৰ উপস্থিতি পৰ্যাপ্ত হোৱা স্বত্বেও উক্ত তাণ্ডৱ সংঘটিত হোৱাৰ সময়ত কোনো আৰক্ষী দেখা যোৱা নাছিল।

লগতে পঢ়ক: ডিজিটেল ইণ্ডিয়া সম্পূৰ্ণ! ম’বাইলত মগ্ন বান্দৰৰ দলৰ ভিডিঅ’ পোষ্ট কৰি মন্তব্য কিৰেন ৰিজিজুৰ

সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহাম অভিনীত পাঠান ছবিখন অহা ২৫ জানুৱাৰীত মুক্তি পাব। ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত মুকলি কৰি দিয়া হ’ব।