আধাৰ কাৰ্ড, ৰেচন কাৰ্ডৰ সমস্যা; বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

বাক্সা জিলা গোর্খা ছাত্ৰ সন্থাই আজি আধাৰ কাৰ্ড আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড পোৱাৰ পৰা বহু লোক বঞ্চিত হৈ থকাৰ সমস্যাক লৈ বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু বজগাঁই আৰু সম্পাদক মাধৱ ছেত্ৰীয়ে বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰে।
ছাত্র সংগঠনটোৱে উল্লেখ কৰা মতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ সময়ছোৱাত যি সকল লোকৰ পৰা বায়’মেট্ৰিক সংগ্ৰহ কৰা হৈছিল, তেওঁলোকে আধাৰ কাৰ্ড পোৱাৰ পৰা বঞ্চিত হৈ আহিছে।
অতি সম্প্ৰতি খাদ্য আৰু অসামৰিক যোগান আৰু পৰিক্ৰমা বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত ৰেচন কাৰ্ড থকা লোকৰ মোৱাইল নম্বৰ আৰু বেংক একাউণ্টৰ লগত পৰিয়ালৰ মুৰব্বী তথা সকলো সদস্যৰ আধাৰ নম্বৰ অন্তৰ্ভুক্তকৰণ বাধ্যতামূলক কৰিছে।
যি সকল ৰেচনকাৰ্ডধাৰীয়ে আধাৰ কাৰ্ড জমা দিব পৰা নাই তেওঁলোক ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
এই বিষয়ত বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছিল যদিও এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা হোৱা নাই বুলিও বিবৃতি যোগে অভিযোগ কৰেছাত্র সংগঠনটোৱে।
এই আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ সমস্যাৰ সমাধান বিচাৰি আজি বাক্সা জিলাৰ উপায়ুক্ত গৰাকীৰ জৰিয়তে বাক্সা জিলা গোৰ্খা ছাত্র সন্থাই অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰখন প্ৰেৰণ কৰে।
আনহাতে, এই সমস্যাৰ সমাধান নহ’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি বাক্সা জিলা গোর্খা ছাত্র সন্থাই অসম চৰকাৰক সকীয়াই দিয়ে। লগতে ইয়াৰ বাবে উদ্ভৱ হব পৰা যিকোনো পৰিস্থিতিৰ বাবে অসম চৰকাৰ দায়ী হব বুলিও বিবৃটোত উল্লেখ কৰে।