NORTHEAST NOW (Assamese)
ক্ৰীড়া

অকলেই ৪ গ’ল দিলে বালা দেৱীয়ে; কমলা দেৱীয়ে দিলে ২ গ’ল; অলিম্পিক যোগ্যতাৰ খেলত ভাৰত ৭-১ত জয়ী

Posted by: এন ই নাও নিউজ November 11, 2018 9:18 pm
Bala_Kamala

অলিম্পিক ২০২০-অৰ বাবে যোগ্যতা নিৰ্ণায়ক আজিৰ এখন খেলত ভাৰতৰ মহিলা ফুটবল দলটোৱে বাংলাদেশক ৭-১ গ’লৰ বৃহৎ ব্যৱধানত হৰুৱায়।

গ্ৰুপ চিত থকা ভাৰতৰ এই বৃহৎ জয়ৰ সম্পূৰ্ণ কৃতিত্ব মণিপুৰৰ দুই প্ৰতিভা নাংগম বালা দেৱী (Ngangom Bala Devi) আৰু কমলা দেৱীৰ (Yumnam Kamala Devi)। একপক্ষীয় খেলখনত ভাৰতৰ জয়ত দুয়োগৰাকীয়ে মিলি ৬টা গ’ল দিয়ে। বালা দেৱীয়ে অকলেই ৪ গ’ল দিয়াৰ বিপৰীতে কমলা দেৱীয়ে দিয়ে ২ গ’ল।

এইখন প্ৰথম ৰাউণ্ডৰ খেল আছইল আৰু অনুষ্ঠিত হৈছিল ম্যানমাৰৰ য়াংগুনত। চি গ্ৰুপত ভাৰত, বাংলাদেশ, ম্যানমাৰৰ লগতে আৰু আছে চুবুৰীয়া নেপাল। ভাৰতে ইতিমধ্যে ইয়াৰ প্ৰথমখন খেল নেপালৰ বিৰুদ্ধে ড্ৰ খেলিছিল। ফলত গ্ৰুপত এতিয়ালৈকে অপৰাজেয় হৈ আছে ভাৰতীয় দলটো।

ভাৰতৰ পৰৱৰ্তী খেল আছে অহা ১৩ নৱেম্বৰত ঘৰুৱা দল ম্যানমাৰৰ বিৰুদ্ধে।