NORTHEAST NOW (Assamese)
Popular Stories

টিকটক নিষিদ্ধকৰণৰ ফলত বহু হাজাৰ কোটি টকাৰ লোকচান কোম্পানিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2020 7:37 am
টিকটক নিষিদ্ধকৰণৰ ফলত বহু হাজাৰ কোটি টকাৰ লোকচান কোম্পানিৰ

ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা কেন্দ্ৰিক সংঘাতৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে লোৱা ৫৯ টা চীনা মোবাইল এপ নিষিদ্ধকৰণৰ সিদ্ধান্তই আৰ্থিক লোকচানৰ সন্মুখীন হৈছে চুবুৰীয়া ৰাষ্ট্ৰখনৰ কোম্পানিসমূহ।

ভাৰত চৰকাৰৰ এই সিদ্ধান্তই চীনা মোবাইল এপ চলোৱা কোম্পানি সমূহে বৃহৎ লোকচানৰ সন্মুখীন হ’ব।

চীনৰ চৰকাৰী কাকত গ্লোবেল টাইমছৰ মতে টিকটক নিষিদ্ধকৰণে টিকটকৰ পেৰেণ্ট কোম্পানি বাইট ডান্সে ৬ আৰব ডলাৰ অৰ্থাৎ ৪৫ হাজাৰ কোটি টকাৰ লোকচান হ’ব।

ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ৫৯ টা এপ নিষিদ্ধ কৰা ভাৰত চৰকাৰৰ এই সিদ্ধান্তত বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’ব চীন।

ভাৰত চৰকাৰৰ এই সিদ্ধান্তক সঠিক নহয় বুলি গ্লোবেল টাইমছে উল্লেখ কৰি এই আৰ্থিক যুদ্ধৰ পৰিণাম ভাৰতে ভুগিব লাগিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, ২৯ জুনত ভাৰত চৰকাৰে টিকটককে ধৰি মুঠ ৫৯ টা চাইনীজ মোবাইল এপক ভাৰতত নিষিদ্ধ কৰিছিল।

টিকটকৰ উপৰিও য়ু চি ব্ৰাউজাৰ, উই চাট আদি এপক ভাৰতত নিষিদ্ধ ঘোষণা কৰিছিল ভাৰত চৰকাৰে।