NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা আৰক্ষীৰ অভিযানত পাঁচজনীয়া দুৰ্ধৰ্ষ ডকাইতৰ দল গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 25, 2019 4:36 pm
Bangaigaon Police

বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই পাঁচজনীয়া এটা ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ হোৱা ডকাইত কেইজন ক্ৰমে বাছিৰুদ্দিন মোল্লা, মিজানুৰ ইছলাম, আছিদুল ইছলাম, ৰফিকুল ইছলাম আৰু জাহিৰুল ইছলাম বুলি চিনাক্ত কৰা হয়।

গ্ৰেপ্তাৰ হোৱা আটাইকেইজন ডকাইতৰে ঘৰ জিলাখনৰ গৰৈমাৰীত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আনহাতে, শুকুৰবাৰে আটাইকেইজন দুৰ্ধৰ্ষ ডকাইতকে জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰা হয়।

উল্লেখযোগ্য যে, বিগত ২০ অক্টোবৰত জিলাখনৰ গৰৈমাৰী অঞ্চলত এখন তেল পৰিবাহী টেংকাৰক নিশা বাট আগচি ধৰি ধন দাবী কৰা ঘটনাক কেন্দ্ৰ কৰি টেংকাৰখনৰ চালকগৰাকীয়ে ৰুজু কৰা এটা গোচৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে দুৰ্ধৰ্ষ ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ হোৱা ডকাইতৰ দলটোৱে উক্ত ঘটনাটোৰ সৈতে জড়িত হৈ থকাৰ কথাও স্বীকাৰ কৰিছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পায়।