NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতৰ প্ৰাক্তন বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰক বিচাৰিছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2020 12:39 pm
fh773zoerceuiuyk_1567582100

ভাৰতৰ পূৰ্বৰ বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰক বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে টেষ্ট ক্ৰিকেটৰ বাবে ৰাষ্ট্ৰীয় দলৰ বেটিং পৰামৰ্শদাতা হিচাপে বিচাৰিছে।

বুধবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ এজন কৰ্মকৰ্তাই এই কথা জানিবলৈ দিয়ে যদিও এই পৰ্যন্ত উক্ত প্ৰস্তাৱক সহাৰি জনোৱা নাই বাংগাৰে।

সীমিত অ’ভাৰৰ ক্ৰিকেটত বৰ্তমান বাংলাদেশ ক্ৰিকেট দলৰ বেটিং পৰামৰ্শদাতা হিচাপে কাম কৰি আছে দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ নীল মেকেঞ্জিয়ে।

উল্লেখ্য যে সঞ্জয় বাংগাৰে ২০১৪ৰ পৰা ২০১৯ লৈ ভাৰতীয় ক্ৰিকেট দলৰ বেটিং প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু যোৱা বৰ্ষৰ ছেপ্তেম্বৰত বি চি চি আইয়ে বাংগাৰৰ ঠাইত বিক্ৰম ৰাথোড়ক এই দায়িত্ব প্ৰদান কৰে।

সঞ্জয় বাংগাৰক বেটিং পৰামৰ্শ হিচাপে বিচৰা সন্দৰ্ভত বি চি চিৰ মুখ্য কাৰ্যবাহী নিজামুদ্দিন চৌধুৰীয়ে কয়, ‘বাংগাৰৰ সৈতে কথা পাতি থকা হৈছে। কিন্তু এতিয়ালৈকে চূড়ান্ত হোৱা নাই’।

বাংগাৰৰ উপৰি আন কেইজনমানৰ সৈতেও কথা পাতি থকাৰ কথা জানিবলৈ দিয়ে নিজামুদ্দিন চৌধুৰীয়ে।

উল্লেখ্য যে সঞ্জয় বাংগাৰে ভাৰতৰ হৈ ১২ খন টেষ্ট আৰু ১৫ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।