NORTHEAST NOW (Assamese)

বাংলাদেশৰ সেনাত নিযুক্ত প্ৰথমগৰাকী মহিলা মেজৰ জেনেৰেল ড০ ছুছান গিতি

October 2, 2018 12:49 pm · এন ই নাও নিউজ
বাংলাদেশৰ মেজৰ জেনেৰেল হিচাপে নিযুক্ত প্ৰথমগৰাকী মহিলা ড০ ছুছান গিতি। ফটো : বাংলাদেশ ২৪ নিউজ

প্ৰথমবাৰৰ বাবে বাংলাদেশৰ সেনা বাহিনীয়ে ইয়াৰ মেজৰ জেনেৰেল পদত নিযুক্তি দিলে এগৰাকী মহিলাক। দেওবাৰে বাংলাদেশ সেনাৰ সৰ্বাধিনায়ক আজিজ আহমেদ আৰু কোৱাৰ্টাৰ মাষ্টাৰ জেনেৰেল লেঃ জেনেৰেল মহম্মদ শামছুল হকে প্ৰথম গৰাকী মহিলা হিচাপে ড০ ছুছান গিতিক মেজৰ জেনেৰেল মৰ্যাদাৰ বেজ প্ৰদান কৰে।

মেজৰ জেনেৰেল ড০ ছুছান গিতিয়ে ১৯৮৫ চনত ৰাজশ্বাহী মেডিকেল কলেজৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰাৰ পিছত বৰ্তমান সেনা বাহিনীৰ মেডিকেল কলেজৰ পেথ’লজি বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত আছিল।

তেওঁ এম বি বি এছ ডিগ্ৰীৰ উপৰিও এম চি পি এছ, এফ চি পি এছ, এম এম এ ডিৰ দৰে কেইবাটাও সন্মানীয় ডিগ্ৰী লাভ কৰিছে।

ড০ গিতিয়ে ১৯৮৬ চনত বাংলাদেশ সেনা বাহিনীৰ মেডিকেল পদত এগৰাকী চিকিৎসক হিচাপে কেপ্টেইন পদ মৰ্যাদাৰে যোগদান কৰিছিল।

তেওঁ ১৯৯৬ চনত প্ৰথমগৰাকী মহিলা হিচাপে হেমাট’লজিত এফ চি পি এছ ডিগ্ৰীও লাভ কৰিছিল।

তেওঁ পূৰ্বতে কেইবাখনো সামৰিক হাস্পাতলত কাম কৰিছিল আৰু তেওঁৰ স্বামী ব্ৰিগেডিয়াৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) আছাদুল্লাহ মহম্মদ হুছেইন চাদ সেনাৰ এগৰাকী চিকিৎসক আছিল।

প্ৰধনমন্ত্ৰী শ্বেখ হাছিনাৰ শাসনকালত ড০ গিতিৰ নিযুক্তিয়ে বাংলাদেশত এটা নতুন ইতিহাসৰ সৃষ্টি কৰিলে।

 

Related News