NORTHEAST NOW (Assamese)
অসম

বাংলাদেশৰ চমক: টী-২০ত প্ৰথমবাৰৰ বাবে পৰাস্ত কৰিলে টীম ইণ্ডিয়াক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 4, 2019 8:53 am
555_1572798243_618x347 98

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত খেলখনত বাংলাদেশে প্ৰথমবাৰৰ বাবে টী-২০ আন্তৰ্জাতিকত শক্তিশালী টীম ইণ্ডিয়াক ৭ উইকেটত পৰাজিত কৰি চমক দিয়ে।

বাংলাদেশৰ বিৰুদ্ধে টী-২০ আন্তৰ্জাতিক মেচত এয়া ভাৰতৰ প্ৰথম পৰাজয়। ইয়াৰ পূৰ্বে বাংলাদেশে ক্ৰিকেটৰ এই ফৰ্মেটত ভাৰতক পৰাজিত কৰিবলৈ সক্ষম হোৱা নাছিল।

অৱশেষত দেওবাৰে টীম ইণ্ডিয়াক পৰাজিত কৰি বাংলাদেশে বিজয়ৰ সোৱাদ পালে। অহা ৭ নৱেম্বৰত ৰাজকোটত দল দুটাৰ মাজত দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব।

দেওবাৰে মুশ্ফিকৰ ৰহিমৰ অপৰাজিত ৬০ ৰাণৰ সহায়ত বাংলাদেশে ভাৰতক ৭ উইকেটত পৰাস্ত কৰে।

টীম ইণ্ডিয়াই প্ৰথমে বেট ধৰি ছয় উইকেটৰ বিনিময়ত ১৪৮ ৰাণ কৰে। বাংলাদেশে ১৯.৩ অভাৰত তিনিটা উইকেটৰ বিনিময়ত এই ৰাণ অতিক্ৰম কৰি বিজয় সাৱ্যস্ত কৰে।

ভাৰতৰ ১৪৯ ৰাণৰ লক্ষ্য অনুসৰণ কৰি বাংলাদেশে ইনিংছৰ আৰম্ভণিতে আঠ ৰাণত লিটন দাসৰ উইকেট হেৰুৱায়।

ইয়াৰ পাছত সৌম্য সৰকাৰ(৩৯) আৰু মহম্মদ নইম (২৬)য়ে দ্বিতীয় উইকেটৰ যুটীত ৪৬ ৰাণ যোগ দি দলক সংকটৰ পৰা উদ্ধাৰ কৰে।

নইম আউট হোৱাৰ পাছত সৰকাৰ আৰু মুশ্ফিকৰে তৃতীয় উইকেটৰ যুটীত ৫৫টা বলত ৬০ৰাণৰ যোগদানেৰে বাংলাদেশক বিজয়ৰ মুখত উপনীত কৰায়।

মুশ্ফিকৰে ৪৩ টা বলত আঠটা চাৰি আৰু এটা ছয় কোবায়। মুশ্ফিকৰৰ টী-২০ত এইটো পঞ্চমটো অৰ্ধশতক।

অধিনায়ক মহম্মদুল্লাহে সাতটা বলত এটা চাৰি আৰু এটা ছয়ৰে ১৫ ৰাণ বনায়। ভাৰতৰ হৈ দীপক চহৰ, চহল আৰু খলিল আহমেদে একোটাকৈ উইকেট লাভ কৰে।

ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্দিষ্ট ২০ অভাৰত ১৪৮ ৰাণ কৰে। ভাৰতৰ হৈ শিখৰ ধাৱানে সৰ্বাধিক ৪১ ৰাণ কৰে।

ইয়াৰ বাহিৰে ঋষভ পন্টে ২৭ৰাণ, শ্ৰেয়স আয়াৰে ২২ৰাণ, লোকেশ ৰাহুলে ১৫ৰাণ আৰু অধিনায়ক ৰোহিতে ৯ৰাণৰ যোগদান দিয়ে।

কুণাল পাণ্ডিয়া আৰু ৱাশ্বিংটন সুন্দৰে ক্ৰমে ১৫ আৰু ১৪ ৰাণ কৰি অপৰাজিত হৈ ৰয়। টীম ইণ্ডিয়াই অন্তিম দুই অভাৰত ৩০ ৰাণ সংগ্ৰহ কৰে।

বাংলাদেশৰ হৈ আমিনুল ইছলাম আৰু ছফিউল ইছলামে দুটাকৈ উইকেট লাভ কৰে।