NORTHEAST NOW (Assamese)

চাকিবৰ নেতৃত্বতে ২০২৩ বিশ্বকাপৰ ফাইনেল খেলিব বাংলাদেশে, আশাবাদী মোৰ্তাজা

October 31, 2019 7:24 am · এন ই নাও নিউজ
চাকিব-মোৰ্তাজা,উৎস-ইণ্টাৰনেট

তাৰকা বাংলাদেশী অল ৰাউণ্ডাৰ চাকিব আল হাছানক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা দুবছৰৰ বাবে নিষিদ্ধ কৰাৰ পাছতে স্তম্ভিত হৈ পৰিছে সমগ্ৰ বাংলাদেশ।

চাকিবক নিষিদ্ধ কৰাৰ প্ৰসংগলৈ বাংলাদেশ ক্ৰিকেট প্ৰেমীসকলে বাংলাদেশ ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ কাৰ্য্যালয়ৰ বাহিৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে।

আনহাতে, চাকিব আল হাছানৰ সংকটৰ সময়ত খেলুৱৈগৰাকীৰ ওচৰত উপস্থিত হৈছে দলৰ প্ৰাক্তন অধিনায়ক মোশ্ৰাফি মোৰ্তাজা।

মোতাৰ্জাই চাকিবৰ ওচৰত উপস্থিত হৈ ২০২৩ চনত বাংলাদেশে চাকিবৰ নেতৃত্বতে বিশ্বকাপৰ ফাইনেল খেলিব বুলি তেওঁ আশাবাদী বুলি মত ব্যক্ত কৰে।

”আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কেনেদৰে প্ৰত্যাৱৰ্তন কৰিব লাগে চাকিবে ভালকৈ জানে। তেওঁ যথেষ্ট অভিজ্ঞ আৰু শক্তিশালী খেলুৱৈ,” মোৰ্তাজাৰ মন্তব্য।

উল্লেখযোগ্য যে, মেচ ফিক্সিঙৰ বাবে বুকীয়ে চাকিবক যোগাযোগ কৰা ঘটনা খেলুৱৈগৰাকীয়ে আই চি চিক নজনোৱাৰ বাবেই চাকিবৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে আই চি চিয়ে।

চাকিবে আই চি চিৰ দুৰ্নীতি বিৰোধী বিধি উলংঘা কৰা বুলি স্বীকাৰ কৰিছিল।

আনহাতে, আই চি চিয়ে চাকিবৰ দুবছৰৰ নিষেধাজ্ঞা এবছৰৰ বাবে স্থগিত ৰাখিছে।

Related News