বাংলাদেশৰ পৰা ভাৰতলৈ পলাই আহি অশ্লীল ছবিত অভিনয়; গুৱাহাটীত গ্ৰেপ্তাৰ যুৱতী
অশ্লীল ছবিৰ শ্বুটিং কৰিবলৈ গৈ গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল এগৰাকী বাংলাদেশী যুৱতীসহ তিনিজন। সোমবাৰে গুৱাহাটী আৰক্ষীৰ এটা দলে পৰ্ণগ্ৰাফী নিৰ্মাণ কৰাৰ অভিযোগত মহানগৰীৰ এখন হোটেলৰ পৰা স্থানীয় দুজন পুৰুষ আৰু এগৰাকী বাংলাদেশী যুৱতীক গ্ৰেপ্তাৰ কৰে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দিছপুৰ আৰক্ষীৰ নেতৃত্বত এই অভিযান চলিছিল। পূৰ্বৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে হোটেলখনত অভিযান চলাই তিনিওজনক হাতেলোটে ধৰা পেলায়।
জানিব পৰা মতে ধৃত লোক দুজন হৈছে ছফিকুল আৰু জাহাংগীৰ। দুয়োজন অসমৰ বাসিন্দা। মীন আখতাৰ নামৰ এগৰাকী ২২ বছৰীয়া বাংলাদেশী যুৱতীকো গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে ধৃত তিনিজনেই বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত তিনিওজনে গুৱাহাটীৰ চুপাৰ মাৰ্কেট এলেকাৰ এখন হোটেলত কোঠা বুকিং কৰিছিল। তাৰ পৰাই আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।
কোঠাটোত উদ্ধাৰ হোৱা সঁজুলিৰ পৰা অনুমান কৰা হৈছে যে কোঠাটোত পৰ্ণগ্ৰাফী নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। আৰক্ষী সূত্ৰৰ মতে, ধৃত মীন আখতাৰক জেৰাৰ সময়ত জানিব পৰা গৈছে যে তেওঁ বাংলাদেশৰ পৰা বৈধ ভিছা বা পাছপ’ৰ্ট অবিহনেই অসমত প্ৰৱেশ কৰিছিল।
যুৱতীগৰাকীয়ে অকলে সীমান্তলৈ আহি চাকৰিৰ নামত ভুৱা তথ্য দি ভাৰতত প্ৰৱেশ কৰে। অৱশ্যে এই ঘটনাত আন কোনো লোক জড়িত আছিল নেকি সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
প্ৰাৰম্ভিক তদন্তৰ পৰা এই ঘটনাত আৰু এটা বৃহৎ চক্ৰ জড়িত হ’ব পাৰে বুলি আৰক্ষীয়ে অনুমান কৰিছে।