NORTHEAST NOW (Assamese)
অসম

শ্বেখ হাছিনাৰ কূটনৈতিক পাছপ’ৰ্ট বাতিল; প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ওপৰত চাপ বৃ্দ্ধি অন্তৱৰ্তীকালীন চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 22, 2024 1:31 pm

ভুতৰ ওপৰত দানহ! ক্ষমতা হেৰুৱাই দেশ এৰিছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। তেওঁ বৰ্তমান ভাৰতত আছে যদিও এতিয়াও স্থায়ী আশ্ৰয় লাভ কৰা নাই। ইফালে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে হাছিনাৰ কূটনৈতিক পাছপ’ৰ্ট বাতিল কৰিছে।

সেয়াই নহয়, ইয়াৰ সমান্তৰালকৈ হাছিনা চৰকাৰৰ মন্ত্ৰী, ৰাজ্য মন্ত্ৰী আনকি আৱামী লীগৰ সাংসদৰো কূটনৈতিক পাছপ’ৰ্ট বাতিল কৰা হৈছে।

বাংলাদেশৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰাপত্তা সেৱা বিভাগৰ জ্যেষ্ঠ সচিব মহম্মদ মছিউৰ ৰহমানে বুধবাৰে হাছিনা আৰু তেওঁৰ অনুগামীসকলৰ পাছপ’ৰ্ট বাতিলৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

মছিউৰে কয় যে কূটনৈতিক পাছপ’ৰ্ট বাতিলৰ সিদ্ধান্তৰ পিছতে এনে চৰকাৰী প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইমিগ্ৰেচন আৰু পাছপ’ৰ্ট বিভাগক এই বিষয়ে অৱগত কৰা হৈছে। বাংলাদেশৰ গৃহ বিভাগেও কয় যে কোনোবাই নতুন পাছপ’ৰ্ট ল’ব বিচাৰিলে প্ৰথমে পুৰণি পাছপ’ৰ্ট ঘূৰাই দিব লাগিব।

উল্লেখ্য যে কোনো এখন দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, অন্যান্য মন্ত্ৰী, সাংসদে কূটনৈতিক পাছপ’ৰ্টৰ সুবিধা লাভ কৰে। এই পাছপ’ৰ্ট অনুসৰি ৰাষ্ট্ৰৰ মুৰব্বী আৰু কূটনীতিবিদসকলে ভিছা অবিহনে যিকোনো দেশ ভ্ৰমণ কৰিব পাৰে। এতিয়া প্ৰশ্ন হৈছে, যিহেতু হাছিনাৰ কূটনৈতিক পাছপ’ৰ্ট বাতিল হৈছে, তেনেক্ষেত্ৰত তেওঁ ভাৰতৰ পৰা আন এখন দেশলৈ কেনেকৈ যাব?