NORTHEAST NOW (Assamese)
Popular Stories

চাৰি পলাতক বেংক ডিফল্টাৰ্ছ প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে SBI এ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2020 4:52 pm
index

ভাৰতীয় ষ্টেট বেংকে বেংকৰ ঋণ প্ৰৰিশোধ নকৰা পলাতক চাৰিটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

বেংকটোৱে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা(CBI)ৰ ওচৰত দিল্লীস্থিত পলাতক প্ৰতিষ্ঠান চাৰিটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

ইতিমধ্যে প্ৰতিষ্ঠান চাৰিটাই দেশৰ ছটা বেংকৰ পৰা প্ৰতাৰণাৰে ৪১৪ কোটি টকা সৰকাই দেশ এৰি পলায়ন কৰিছে।

উল্লেখ্য যে, এছ বি আইএ পৰিদৰ্শন কৰিবলৈ গৈ জানিব পাৰে যে ২০১৬ চনতে ৰামদেৱ ইন্টাৰনেশ্যনেল লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে বেংকৰ পৰা ধন সৰকাই দেশ এৰি পলায়ন কৰিছে।

ইফালে চিবিআইএ ২৮ এপ্ৰিলত আন এটা তেনে প্ৰতিষ্ঠান লুক আউট চাৰ্কুলাছ(LOC)ৰ স্বতাধিকাৰ সুৰেশ কুমাৰ, নৰেশ কুমাৰ আৰু সংগীতাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে।

এই প্ৰতিষ্ঠানটোৱেও বেংকৰ ঋণ লাভ কৰাৰ পিছৰ পৰাই পলাতক হৈ আছে।

নেশ্যনেল কোম্পানী ল’ ট্ৰিবুনেল(NCLT) নামৰ প্ৰতিষ্ঠানটোৱেও ২০১৮ চনতে বেংকৰ ধন লৈ দেশ এৰি ডুবাইলৈ পলায়ন কৰিছে।

যোৱা চাৰি বছৰে বেংকক ঋণ পৰিশোধ নকৰাৰ বাবে যোৱা ফেব্ৰুৱাৰিত প্ৰতিষ্ঠান চাৰিটাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছিল।

উক্ত ৪১৪ কোটিৰ টকাৰ ভিতৰত এছ বি আইৰ ১৭৩.১১ কোটি, কানাড়া বেংকৰ ৭৬.০৯ কোটি, ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৬৪.৩১ কোটি, চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ ৫১.৩১ কোটি, ক’ৰ্পোৰেট বেংকৰ ৩৬.৯১ কোটি আৰু আইডিবিআই বেংকৰ ১২.২৭ কোটি টকা আছে বুলি জানিব পৰা গৈছে।