NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ভূমি দখলৰ অভিযোগত গ্ৰেপ্তাৰ বেংকৰ মেনেজাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 28, 2024 9:08 am

মহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধমূলক ঘটনা। গুৱাহাটীত ভূমি দখলৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইউকো বেংকৰ মেনেজাৰগৰাকীয়ে এগৰাকী বৃদ্ধা মহিলাক তেওঁৰ মাটিক লৈ প্ৰতাৰণা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে।

শুকুৰবাৰে নিশা প্ৰভা ভট্টাচাৰ্যই দাখিল কৰা এজাহাৰৰ পিছতে শিলপুখুৰী শাখাৰ পৰিচালক প্ৰসেনজিৎ ৰায়ক গ্ৰেপ্তাৰ কৰা হয়।

লগতে পঢ়কঃ অনবদ্য ৰিয়ান! ৮টা বলত ৫ ৰান দি ৩টা উইকেট দখল; শ্ৰীলংকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ মসৃন জয়

ভট্টাচাৰ্যই বেংকৰ ঋণৰ বন্ধক হিচাপে দিয়া মাটিৰ নথি-পত্ৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে অভিযুক্তৰ বিৰুদ্ধে।

বেংক মেনেজাৰ ৰায়ৰ বিৰুদ্ধে জালিয়াতিৰে সম্পত্তিটো নিজৰ নামলৈ হস্তান্তৰ কৰাৰ অভিযোগ উঠিছে।

অসম আৰক্ষীৰ অপৰাধ শাখাই এই গোচৰৰ তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়কঃ নকল কৰিবলৈ নিদিয়াৰ বাবে শিক্ষাৰ্থীৰ প্ৰতিবাদ : নকলৰ বাবে দিয়া ধন ঘূৰাই বিচাৰি ধুবুৰীত হুলস্থূলীয়া পৰিৱেশ

এই কেলেংকাৰিত আন কোনো লোকো জড়িত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।

গোটেই ঘটনাৰ অধিক তদন্ত অব্যাহত আছে।