NORTHEAST NOW (Assamese)
অসম

২০২০ চনৰ জানুৱাৰি মাহত ১৬ দিন বন্ধ থাকিব বেংক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 30, 2019 8:42 pm
images

নৱ বৰ্ষৰ জানুৱাৰী মাহত ১৬ দিনৰ বাবে বন্ধ থাকিব বেংক সেৱা। সকলো ধৰণৰ স্থানীয় বন্ধ সামৰি ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ৰাজ্যিক ভিত্তিত বন্ধৰ তালিকা প্ৰকাশ কৰিছে।

ৰাজ্য অনুসৰি আৰু বেংক ভেদে এই বন্ধ সমূহ পৃথক পৃথক হ’ব।

সাধাৰণতে থকাৰ ধৰণে সকলো দেওবাৰ আৰু দ্বিতীয় আৰু তৃতীয় শনিবাৰে বেংক সেৱা বন্ধ থাকিব।

২০২০ চনৰ জানুৱাৰিত বেংকৰ বন্ধৰ তালিকা-

১, জানুৱাৰি- নৱবৰ্ষ উপলক্ষে বেংক বন্ধ থাকিব।

২, জানুৱাৰি- গুৰু গোবিন্দ সিং জয়ন্তী উপলক্ষে বেংক বন্ধ থাকিব।

৫, জানুৱাৰি- দেওবাৰ।

৭, জানুৱাৰি- ইম্ফলত ইমইনু ইৰাপতা উপলক্ষ্যে বেংক বন্ধ থাকিব।

৮, জানুৱাৰি- ইম্ফলত গন-নগি উলপক্ষে বেংক বন্ধ থাকিব।

১১, জানুৱাৰি- দ্বিতীয় শনিবাৰ।

১২, জানুৱাৰি- দেওবাৰ।

১৪, জানুৱাৰি- মকৰ সংক্ৰান্তি।

১৫, জানুৱাৰি- মাঘ বিহু, পোংগল, তুছু পুজা উপলক্ষে বেংক বন্ধ থাকিব।

১৬, জানুৱাৰি- থিৰুভাল্লুভাৰ উপলক্ষে চেন্নাইত বেংক সেৱা বন্ধ থাকিব।

১৭, জানুৱাৰি- উজাভাৰ থিৰুনাল পালন উপলক্ষে চেন্নাইত বেংক সেৱা বন্ধ থাকিব।

১৯, জানুৱাৰি- দেওবাৰ।

২৩, জানুৱাৰি- নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উপলক্ষে আগৰতলা আৰু কলকাতাত বেংক সেৱা বন্ধ থাকিব।

২৫, জানুৱাৰি- চতুৰ্থ শনিবাৰ।

২৬, জানুৱাৰি- দেওবাৰ।

৩০, জানুৱাৰি- সৰস্বতী পূজা, বসন্ত পঞ্চমী উপলক্ষে বেংক সেৱা বন্ধ থাকিব।