NORTHEAST NOW (Assamese)

একেৰাহে বন্ধৰ পিছত দেশজুৰি ধৰ্মঘট! মাহৰ শেষত ৫ দিন বন্ধ থাকিব বেংক, গ্ৰাহকৰ দুৰ্ভোগৰ আশংকা

January 23, 2026 8:59 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 23, 2026 9:00 am

চলিত মাহৰ শেষত বেংকিং পৰিসেৱাক লৈ ডাঙৰ সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা দেখা দিছে। বন্ধৰ দিন আৰু দেশজোৰা বেংক ধৰ্মঘটকে ধৰি ২৩ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ ৫ দিনৰ বাবে বেংকৰ অধিকাংশ শাখা বন্ধ থাকিব। গ্ৰাহকসকলক প্ৰথমে জৰুৰী কাম সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

তথ্য অনুসৰি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী আৰু সৰস্বতী পূজা (বসন্ত পঞ্চমী) উপলক্ষে ২৩ জানুৱাৰীত বেংক বন্ধ থাকিব। পিছদিনা ২৪ জানুৱাৰী শনিবাৰ আৰু ২৫ জানুৱাৰী দেওবাৰ নিয়মীয়া সাপ্তাহিক বন্ধ।

ইয়াৰ পিছত গণৰাজ্য দিৱস উপলক্ষে অহা ২৬ জানুৱাৰীত পুনৰ বন্ধ থাকিব বেংক। ২৭ জানুৱাৰীত দেশৰ বিভিন্ন বেংক কৰ্মচাৰী সংগঠনে আহ্বান জনোৱা দেশজোৰা বেংক ধৰ্মঘটৰ বাবে সকলো শাখা খোলা নাথাকিব। ফলত পাঁচ দিনৰ বাবে বন্ধ থাকিব বেংকিং সেৱা।

বহুতে অনুভৱ কৰে যে একেৰাহে এই চাৰিটা বেংক ছুটীয়ে সাধাৰণ গ্ৰাহকৰ বাবে কিছু দুৰ্ভোগৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ যিসকলে নগদ ধন উলিয়াব লাগে, জমা কৰিব লাগে বা যিকোনো জৰুৰী কাগজ-পত্ৰ কৰিবলগীয়া কাম থাকে। কিন্তু আশা কৰা হৈছে যে শাখা বন্ধ হ’লেও বেংক ব্যৱস্থা সম্পূৰ্ণৰূপে অচল হৈ নপৰিব।

বেংক কৰ্তৃপক্ষই জনোৱা মতে অহা কেইদিনমানৰ বাবে অনলাইন বেংকিঙৰ কোনো সমস্যা নহ’ব। ইণ্টাৰনেট বেংকিং, মোবাইল বেংকিং আৰু বেংকৰ মোবাইল এপ ব্যৱহাৰ কৰি আপুনি ধন পঠিয়াব পাৰে, বিল পৰিশোধ কৰিব পাৰে বা অন্যান্য ডিজিটেল লেনদেন কৰিব পাৰে। এটিএম সেৱাও স্বাভাৱিক হৈ থাকিব। লগতে ইউ পি আই এপৰ জৰিয়তে ধন প্ৰেৰণ বা লাভ কৰাত কোনো বাধা নাথাকিব।

বৰ্তমান প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে আৰু প্ৰতি দেওবাৰে বেংক বন্ধ থাকে। কিন্তু ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা নতুন নিয়ম এতিয়াও সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই। বন্ধৰ দিন বৃদ্ধি আৰু অন্যান্য দাবী পূৰণৰ বাবে এই ধৰ্মঘট আহ্বান কৰা হৈছে।

যদিও এই সময়ত এটিএম সেৱা খোলা থাকে, তথাপিও নগদ ধনৰ যোগানত সমস্যা হ’ব পাৰে বুলি আশংকা কৰা হৈছে। বিশেষজ্ঞসকলে গ্ৰাহকসকলক প্ৰয়োজনীয় নগদ ধন আগতীয়াকৈ উলিয়াবলৈ আৰু জৰুৰী বেংকিং কাম সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ ফলত পাঁচদিনীয়া বন্ধৰ সময়ছোৱাত আৰ্থিক সমস্যাৰ আশংকা হ্ৰাস পাব।

ইপিনে, ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহতো বেংক ছুটীৰ তালিকাও যথেষ্ট দীঘলীয়া। নিয়মীয়া চাৰিটা দেওবাৰ আৰু দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ উপৰিও অতিৰিক্ত তিনিটা দিনৰ বাবে বেংক বন্ধ থাকিব। লগতে ১৮, ১৯ আৰু ২০ ফেব্ৰুৱাৰীত সেৱা উপলব্ধ নহ’ব। যদিও এই তিনিদিনত সমগ্ৰ দেশতে বেংক বন্ধ নহ’ব, নিৰ্দিষ্ট কাৰণত কিছুমান ৰাজ্যৰ বেংক বন্ধ থাকিব।

Related News