NORTHEAST NOW (Assamese)

দৰঙত নিষিদ্ধ গাঞ্জাৰে সৈতে গ্ৰেপ্তাৰ মহিলাসহ তিনি

February 28, 2020 6:06 pm · ময়ূখ গোস্বামী

দৰং জিলা আবকাৰী বিভাগৰ এটা অভিযানকাৰী দলে শুকুৰবাৰে দুখন যাত্ৰীবাহী বাহনৰ পৰা এগৰাকী মহিলাকে ধৰি তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে আৰু তেওঁলোকৰ কব্জাৰ পৰা বিছ কেজিতকৈও অধিক নিষিদ্ধ গাঞ্জা জব্দ কৰে।

মঙলদৈৰ আবকাৰী পৰিদৰ্শক অসীমা ভূঞাই সংবাদ মাধ্যমক জনাই যে মঙলদৈৰ বঙালগড় চাহ বাগানৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ নিয়মীয়া তালাচীৰ সময়ত ৰৌতা আৰু ওদালগুৰিৰ চিকনমাটিৰ পৰা গুৱাহাটীলৈ বেলেগ বেলেগ প্লাষ্টিকৰ বেগত মেৰিয়াই অবৈধভাৱে নি থকা গাঞ্জাখিনি দুখন গুৱাহাটীগামী যাত্ৰীবাহী বাছত লোককেইজনে কঢ়িয়াই নিয়া পোৱা গৈছিল।

কৰায়ত্ত হোৱাকে ৰৌতা কাজিয়ামাটিৰ সুমিত্ৰা দেৱী, চিকনমাটিৰ জমিৰ আলি আৰু বৰপেটা পাটাছাৰকুছিৰ পংকজ ৰয়ক এন ডি পি এচ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰোৱা হয়। জব্দ কৰা গাঞ্জাখিনিৰ মূল্য চোৰাং বজাৰত এক লাখ টকাৰ অধিক হ’ব বুলি কোৱা হৈছে।

Related News