NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰপতিৰ বঁটাৰে বিভূষিত বোকাখাতৰ বাপুৰাম হাজৰিকাৰ মৃত্যু

December 18, 2020 8:42 pm · উত্তম শইকীয়া

বোকাখাতৰ ম’হমাইকী গাঁৱৰ নিৱাসী সমাজকৰ্মী প্ৰয়াত যোগাই হাজৰিকাৰ তৃতীয় সন্তান বাপুৰাম হাজৰিকাৰ (বোপাই) ৭৬ বছৰ বয়সত বৃহস্পতিবাৰে পুৱতি নিশা নিজা বাসগৃহত মৃত্যু হয়।

দীৰ্ঘদিন কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ গৃহ বিভাগত কাম কৰি বাপুৰাম হাজৰিকাই ২০০৫ চনৰ ৩১ মাৰ্চত যোৰহাটত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

১৯৪৫ চনৰ ৩১ মাৰ্চত জন্ম গ্ৰহণ কৰা বাপুৰাম হাজৰিকাই বোকাখাতৰ কুৰুৱাবাহীৰ মৰিয়াহোলা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হয়।

বোকাখাতৰ যোগানন্দ দেৱ সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয়ৰ পৰা উচ্চ শিক্ষা সমাপ্ত কৰি ১৯৬৯ চনৰ ২০ আগষ্টত মিজোৰাম আইজলত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ গৃহ বিভাগৰ চাকৰিত যোগদান কৰে।

পৰৱৰ্তী সময়ত ডিব্ৰুগড় আৰু গুৱাহাটী আৰু যোৰহাটত সাহসিকতাৰে নিজৰ চাকৰি জীৱন অতিবাহিত কৰে হাজৰিকাই।

কৰ্ম জীৱনত ২০০০ চনৰ ১৫ আগষ্টত তদন্তাদীন ৰাষ্ট্ৰপতি কে, আৰ, নাৰায়ণৰ স্বাক্ষৰিত পুলিচ সাহসিকতাৰ বঁটা সেই সময়ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী এল কে আদৱানীৰ পৰা নতুন দিল্লীত তেওঁ গ্ৰহণ কৰিছিল।

ৰাজ্যিক ভাৱেও কেইবাটাও বঁটা লাভ কৰা বাপুৰাম হাজৰিকাই নিজৰ চাকৰি জীৱনৰ লগতে বাপুৰাম হাজৰিকা বিভিন্ন সামাজিক কৰ্মতো জড়িত আছিল।

দীৰ্ঘদিন মানসিক ৰোগত ভুগি থকা বাপুৰাম হাজৰিকাই বৃহস্পতিবাৰে পুৱতি নিশা ৩-২৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত বাপুৰাম হাজৰিকাই একমাত্ৰ পুত্ৰৰ লগতে তিনিগৰাকী জী আৰু নাতি-নাতিনী ইহ সংসাৰত এৰি থৈ যায়। হাজৰিকাৰ মৃত্যুত বোকাখাত অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে ৷

Related News